Saturday, January 16, 2021

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)

 

প্রশ্নাৱলী

 1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?


 2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।

উত্তৰঃ H2   (g) + Cl2 (g)= 2HCl(g)

(ii ) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

উত্তৰঃ 3BaCl2 +Al2 (SO4)3  = 3BaSO4 + 2AlCl3

(iii ) ছ’ডিয়াম + পানী →  ছ'ডিয়াম  হাইড্র'ক্সাইড  +  হাইড্রজেন ।

উত্তৰঃ 2Na + 2H2O = 2NaOH +H2

3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।

উত্তৰঃ BaCl2(aq) + Na2SO4(aq)  =  BaSO4 (s) + 2NaCl(aq)

(ii) ছ'ডিয়াম হাইড্র'ক্সাইডৰ দ্ৰৱ (পানীত)  হাইড্র'ক্ল'ৰিক এছিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH(aq) + HCl  =  NaCl(aq) + H2O(l)


প্ৰশ্নৱলী


1. এটা পদাথ ' X ' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing ) ব্যৱহাৰ কৰা হয়। 

( i ) পদাৰ্থ ' X ' ৰ নাম আৰু সংকেত লিখা ।

উত্তৰঃ পদাৰ্থ ‘’X’’ৰ নাম হ'ল পোৰা চূণ (CaO)

(ii ) পানীৰে সৈতে পদার্থ ' X ' এ কৰা বিক্রিয়াটো লিখা ।

উত্তৰঃ পানীৰ সৈতে পদাৰ্থ ‘’X’’এ কৰা বিক্ৰিয়াটো হল-

                       CaO(s) + H2O(l)  = Ca(OH)2 (aq)      

                                                                   (শিথিলিত চূণ)

 

2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

উত্তৰঃ কাৰ্যকলাপ ১.৭ ত পানীৰ বিদ্যুত বিশ্লেষণ কৰা হৈছে। এছিডযুক্ত পানীৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰিলে পানীৰ অণু বিযোজিত হৈ হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয়। হাইড্ৰ'জেন গেছ কেথ'ডত আৰু অক্সিজেন গেছ এন'ডত সংগ্ৰহ কৰা হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ল-

           2H2O(l) = 2H2(g) + O2(g)

     বিদ্যুত বিশ্লেষণৰ ফলত পানীৰ দুটা অণু বিযোজিত হৈ হাইড্ৰ’জেন গেছৰ দুটা অণু  আৰু অক্সিজেন গেছৰ এটা অণু উৎপন্ন হয়। সেইবাবে এটা পৰীক্ষা নলীত সংগ্ৰহ কৰা গেছৰ পৰিমাণ দুগুণ হয়। এই গেছৰ নাম হ’ল হাইড্ৰ’জেন গেছ।


অনুশীলনী

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

2PbO(s) + C(s) → 2Pb(s) + CO2(g)

 ( a ) লেড বিজাৰিত হৈছে ।

( b ) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।

( c ) কার্বন জাৰিত হৈছে ।

( d ) লেড অক্সাইড বিজাৰিত হৈছে ।

    (i )      ( a ) আৰু ( b )

             (ii)        ( a ) আৰু ( c )

            ( iii )      ( a ) , ( b ) আৰু ( c

           ( iv ) সকলো

উত্তৰঃ  ( a ) আৰু (b )

 

2.   Fe2O3 + 2Al → Al2O3 + 2Fe

         ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

  (a ) এটা সংযোজন বিক্রিয়াৰ

  (b ) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

  (c ) এটা বিযোজন বিক্রিয়াৰ |

  (d) এটা অপসৰণ বিক্রিয়াৰ ।

উত্তৰঃ (d)

3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ' ৰাইড উৎপন্ন হয় ।

( b) ক্ল'ৰিণ গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c ) বিক্রিয়া নঘটে ।

(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ   ( a ) আৰু (b )

 

4 . সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

     H2 + Cl2 = 2HCl

      2H2 + O2 = 2H2O

             ভৰৰ নিত্যতা বিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ’ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে।

5 . তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।

  (a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

          H2 + N2 = NH3

               সন্তুলিত ৰাসায়নিক সমীকৰণটো-

          3H2(g) + N2(g) = 2NH3(g)

           

(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

   H2S(g)+ O2(g) →H2O(l) + SO2(g)

            সন্তোলিত ৰাসায়নিক সমীকৰণ-

         2H2S(g)+ 3O2(g) →2H2O(l) + 2SO2(g)

(c) বেৰিয়াম ক্ল ’ৰাইডে এলুমিনিয়াম ছiলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

       BaCl2 + Al2(SO4)3 → AlCl3 + BaSO4

সন্তোলিত ৰাসায়নিক সমিকৰণ- 

 3BaCl2 (aq) + Al2(SO4)3  (aq) → 2AlCl3  (aq) + 3BaSO4 (s)

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উতপন্ন কৰে।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         K + H2o à KoH + H2

             সন্তোলিত ৰাসায়নিক সমীকৰণ-

           2K(s) + 2H2O(l) = 2KOH(aq) + H2(g)

 

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO3 + Ca (OH)2 , → Ca ( NO3 )2  , + H20

উত্তৰঃ 2HNo3 + Ca(OH)2 à Ca(No3)2 + 2H2o

 

(b) NaOH + H2SO4 → Na2SO4 + H20

উত্তৰঃ 2NaOH + H2So4 à Na2So4 + 2H2o

 

(c) NaCl + AgNO3 à AgCl + NaNO3

উত্তৰঃ NaCl + AgNO3 à AgCl + NaNO3

 

(d) BaCI2 + H2SO4 → BaSO4 + HCl

উত্তৰঃ BaCl2 + H2So4 à BaSo4 + 2HCl

 

 

7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড à কেলছিয়াম কার্বনেট + পানী ।

উত্তৰঃ Ca(OH)2 + Co2 à CaCo3 + H2o

 

 

(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।

উত্তৰঃ Zn + 2AgNo3 à Zn(No3)2 + 2Ag

 

 

(c ) এলুমিনিয়াম + ক’পাৰ ক্ল'ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।

উত্তৰঃ 2Al + 3CuCl2 à 2AlCl3 + 3Cu

 

 

(d ) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড ।

উত্তৰঃ BaCl2 + K2So4 à BaSo4 + 2KCl

 

 

৪. তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq ) + বেৰিয়াম আয়'ডাইড (aq ) →পটেছিয়াম আয়' ডাইড (aq ) + বেৰিয়াম ব্ৰ’মাইড(s )

উত্তৰঃ 2KBr(aq) + BaI2(aq) à 2KI(aq) + BaBr2(aq)

      ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

উত্তৰঃ ZnCo3(s) à Zno(s) + Co2(g)

            ই এটা বিয়োজন বিক্ৰিয়া।

 

 

(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল'ৰাইড(g)

উত্তৰঃ H2(g) + Cl2(g) à 2HCl(g)

            ই এটা সংযোজন বিক্ৰিয়া।

 

 

 (d) মেগনেছিয়াম (s)+হাইড্র’ক্ল'ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ Mg(s) + 2HCl(aq) à MgCl2(aq) + H2(g)

           ই এটা অপসৰণ বিক্ৰিয়া।



Multiple Choice Questions & Answers


1. পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-


(a) সংযোজন।


(b) বিযোজন।



(c) অপসৰণ।


(d) তাপবর্জী।



উত্তৰঃ (b) বিযোজন।


2. তলৰ কোনটো বিক্ৰিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে –


(a) অপসাৰণ।


(b) বিযোজন।


(c) দ্বিঅপসৰণ। 


(d) সংযোজন।


উত্তৰঃ (c) দ্বিঅপসৰণ। 


3. প্রাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ-


(a) তাপগ্রাহী।


(b) তাপবর্জী। 


(c) সংযোজন।


(d) অধঃক্ষেপণ।

উত্তৰঃ (b) তাপবর্জী। 


4. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –


(a) ZnO, C 


(b) Zn, CO


(c) ZnO, CO


(d) C, ZnO


উত্তৰঃ (d) C, ZnO


5. MnO₂ + 4HCI → MnCl₂ + 2H₂O + Cl₂—এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে – 


(a) HCI, MnO₂


(b) HCI, MnCl₂


(c) MnO₂, HCI 


(d) MnO₂, Cl₂


উত্তৰঃ (a) HCI, MnO₂


6. মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল — 


(a) মেগনেছিয়াম কার্বনেট।


(b) মেগনেছিয়াম নাইট্রেট।



(c) মেগনেছিয়াম অক্সাইড।


(d) মেগনেছিয়াম হাইড্রক্সাইড

No comments:

Post a Comment

Class 6 Ganita Prakash Sample Paper

Maximum Marks: 80 Time Allowed : 3 hours General Instructions: All questions are compulsory. The question paper is divided into four section...