Saturday, January 16, 2021

সমাজ বিজ্ঞান/ দশম শ্ৰেণী

 ১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ǀ

উত্তৰঃ- বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, ছট্টগ্ৰাম আৰু ৰাজশাহী ǀ
 
২) বংগবিভাজনৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ǀ
উত্তৰঃ- লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল  ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ǀ ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল ǀ

৩) বংগবিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ǀ
উত্তৰঃ-  ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে ; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল ǀবংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল ǀ

No comments:

Post a Comment

Magnets

The primary properties of a magnet include: Attractive Property: Magnets strongly attract magnetic materials such as iron, nickel, and cobal...