Showing posts with label সমাজ বিজ্ঞান. Show all posts
Showing posts with label সমাজ বিজ্ঞান. Show all posts

Saturday, January 16, 2021

সমাজ বিজ্ঞান/ দশম শ্ৰেণী

 ১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ǀ

উত্তৰঃ- বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, ছট্টগ্ৰাম আৰু ৰাজশাহী ǀ
 
২) বংগবিভাজনৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ǀ
উত্তৰঃ- লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল  ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ǀ ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল ǀ

৩) বংগবিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ǀ
উত্তৰঃ-  ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে ; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল ǀবংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল ǀ

সমাজ বিজ্ঞান/দশম শ্ৰেণী

 ইতিহাস (প্ৰথম অধ্যায়)

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ- লৰ্ড কাৰ্জনৰ শাসনকালত ।

২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰঃ- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৩) বিদেশী্ পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ- ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভা ত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল ǀ

৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ-  ভূপেন্দ্ৰ নাথ দত্ত ǀ

৫) বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ-  ১৯০৬ চনৰ ১১ মাৰ্চ ǀ

৬)‘বেংগল কেমিকেলছ’নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰঃ- আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় ǀ

৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয়কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল ǀ

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰঃ- ১৯১১ চনৰ ১২ ডিচেম্বৰত ǀ

Class 6 Ganita Prakash Sample Paper

Maximum Marks: 80 Time Allowed : 3 hours General Instructions: All questions are compulsory. The question paper is divided into four section...