Showing posts with label Science Class 10. Show all posts
Showing posts with label Science Class 10. Show all posts

Sunday, December 28, 2025

Electric Current

 Intext Questions


Page Number: 200


Question 1
What does an electric circuit mean ?
Answer:
A continuous and closed path along which an electric current flows is called an electric circuit.

Question 2
Define the unit of current.
Answer:
Unit of current is ampere. If one coulomb of charge flows through any section of a conductor in one second then the current through it is said to be one ampere.
I = Qt or 1 A = I C s-1


Wednesday, March 20, 2024

এছিড, ক্ষাৰক আৰু লৱণ

এছিড আৰু ক্ষাৰক

এছিড (Acid) ঃ এছিড হ'ল এবিধ পদাৰ্থ যাৰ সোৱাদ টেঙা আৰু ই জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন (H+) উৎপন্ন কৰে।উদাহৰণ- ছালফিউৰিক এছিড (H2SO4), হাইড্ৰক্লৰিক এছিড (HCl), এচিটিক এছিড (CH3COOH) আদি।

ক্ষাৰক (Base)ঃ ক্ষাৰক হল এবিধ তিতা সোৱাদযুক্ত পদাৰ্থ আৰু ই জলীয় দ্ৰৱত OH- আয়ন উৎপন্ন কৰে। উদাহৰণ- ছডিয়াম হাইড্ৰক্সাইড (NaOH), পটেছিয়াম হাইড্ৰক্সাইড (KOH) আদি।

তীব্ৰ এছিড আৰু মৃদু এছিড


  যি এছিড জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নলৈ ভাঙি যায় তেনে এছিডবোৰ তীব্ৰ এছিড।যেনেঃ ছালফিউৰিক এছিড (H2SO4), হাইড্ৰক্লৰিক এছিড (HCl) আদি। আনহাতে, যি এছিড জলীয় দ্ৰৱত আংশিকভাৱে আয়নলৈ ভাঙি যায় তেনে এছিডবোৰ মৃদু এছিড। যেনেঃ এচিটিক এছিড (CH3COOH), কাৰ্বনিক এছিড (H2CO3) আদি ।


একে গাঢ়তাৰ, হাইড্রক্ল'ৰিক এছিড আৰু এছেটিক এছিডে ভিন ভিন পৰিমাণৰ হাইড্রজেন আয়ন উৎপন্ন কৰে। বেছি H+ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্র এছিড বোলা হয় আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলা হয়।

সূচক

সূচক হল কিছুমান ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰণ যিবিলাকক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্য়ৱহাৰ কৰা হয়।


সূচকৰ প্ৰকাৰঃ 


             1. প্ৰাকৃতিক সূচক


            2. সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচক


            3. ঘ্ৰানেন্দ্ৰিক সূচক


প্ৰাকৃতিক সূচকঃ যিবিলাক সূচক প্ৰাকৃতিক উৎসৰ পৰা আহৰণ কৰা হয় সেইবোৰক প্ৰাকৃতিক সূচক বোলে।প্ৰাকৃতিক সূচকৰ উদাহৰণ হল- লিটমাছ, হালধি, ৰঙা বন্ধাকবি আদি।


লিটমাছঃ লিটমাছ লিচেন (lichen) নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ বেঙুনীয়া ৰঞ্জক। লিটমাছ পেপাৰ দুটা ৰঙত পোৱা যায়- নীলা আৰু ৰঙা।এছিডে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে।


হালধিঃ আন এবিধ প্ৰাকৃতিক সূচক হল হালধি। ইয়াৰ ৰং হালধীয়া। হালধি অকল ক্ষাৰকৰ পৰীক্ষাৰ বাবেহে ব্য়ৱহাৰ কৰিব পাৰি। ক্ষাৰকৰ সংস্পৰ্শত হালধিৰ ৰং ৰঙচুৱা মুগা বৰণৰ হৈ পৰে। এছিডৰ সংস্পৰ্শত ইয়াৰ কোনো পৰিৱৰ্তন নঘটে।


ৰঙা বন্ধাকবিঃ ৰঙা বন্ধাকবিৰ পাতৰ ৰসৰ ৰং প্ৰাকৃতিক ভাৱে বেঙুনীয়া হয়। এছিডৰ সংস্পৰ্শত ৰঙচুৱা আৰু ক্ষাৰকৰ সংস্পৰ্শত ই সেউজীয়া হৈ পৰে।  


সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচকঃ সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচকবোৰ কৃত্ৰিমভাবে গবেষণাগাৰত প্ৰস্ত ুত কৰা হয়। উদাহৰণ হল- মিথাইল অৰেঞ্জ, ফিনলফথেলিন আদি।


মিথাইল অৰেঞ্জ­- ই এটা কমলা ৰঙৰ দ্ৰৱ। এছিডৰ সংস্পৰ্শত ই ৰঙা আৰু ক্ষাৰকৰ সংস্পৰ্শত ই হালধীয়া হৈ পৰে। 


ফিনলফথেলিনঃ ই এটা বৰণবিহীন দ্ৰৱ। এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত ই গোলপীয়া হৈ পৰে। 


ঘ্ৰানেন্দ্ৰিক সূচকঃ যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰক ঘ্ৰানেন্দ্ৰিক সূচক বোলে। উদাহৰণ হল- পিয়াজ, ভেনিলা আদি।


পিয়াজঃ এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত পিয়াজৰ গোন্ধ নাইকীয়া হৈ যায়।


ভেনিলা­: এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত ইয়াৰ গোন্ধ নাইকীয়া হৈ যায়।


এছিডৰ ধৰ্ম

1. এছিড আৰু ধাতুৰ মাজত বিক্ৰিয়া


     ধাতুৱে এছিডৰ পৰা হাইড্রজেন অপসাৰিত কৰিব পাৰে। এছিডৰ অৱশিষ্ট অংশৰে সৈতে ধাতুটো লগ হৈ লৱণ গঠন কৰে।এতেকে, এছিড এটাৰে সৈতে ধাতু এটাৰ বিক্রিয়াক এনেদৰে লিখিব পাৰি।


এছিড + ধাতু ⇒ লৱণ + হাইড্রজেন গেছ


উদাহৰণঃ H2SO4 + Zn → ZnSO4 + H2


হাইড্রজেন গেছৰ পৰীক্ষাঃ ওপৰৰ বিক্ৰিয়াৰ পৰা উৎপন্ন হোৱা গেছটোক চাবোন পানীৰ মাজেৰে পাৰ হব দিলে বুদবুদৰ সৃষ্টি হব। এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদ এটাৰ ওচৰত ধৰিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলিব।

2. ধাতৱ কার্বনেট আৰু ধাতৱ হাইড্রজেন কার্বনেটেৰ এছিডৰ সৈতে বিক্রিয়া


এছিডে ছ’ডিয়াম কার্বনেট (Na2CO3) আৰু ছ'ডিয়াম হাইড্রজেন কার্বনেট (NaHCO3) ৰ লগত বিক্ৰিয়া কৰি কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে।


                Na2CO3(s) + 2HCl(aq) → 2NaCl(aq) + H2O(l) + CO2 (g)


                NaHCO3(s)+ HCl(aq) → NaCl(aq) +H2O(l) + CO2 (g)


কার্বন ডাই অক্সাইড গেছৰ পৰীক্ষাঃ উৎপন্ন হোৱা গেছক চূণপানীৰ (কেলছিয়াম হাইড্রক্সাইড দ্ৰৱ) ৰ মাজেৰে পাৰ হ’বলৈ দিলে ই চূণপানীক ঘোলা কৰিব।


                Ca(OH)2 (aq) + CO2 (g) → CaCO3 (s) + H2O(l)


               ( চূণপানী) (বগা অধঃক্ষেপ)


 


3. এছিড আৰু ক্ষাৰকৰ পৰম্পৰৰ সৈতে বিক্রিয়া:-

এছিড আৰু ক্ষাৰকে পৰস্পৰ বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমন বিক্রিয়া (Neutralisation reaction) বোলে। সাধাৰণভাৱে এটা প্রশমন বিক্রিয়াক এনেদৰে লিখিব পৰা যায়।


ক্ষাৰক + এছিড → লৱণ + পানী।


 


NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)


 


4. এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া


এটা ধাতৱ অক্সাইড আৰু এটা এছিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক সাধাৰণভাৱে এনেদৰে লিখিব পৰা যায়—


 ধাতৱ অক্সাইড + ক্ষাৰক → লৱণ + পানী


সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড (basic Oxides) বোলা হয়।


উদাহৰণ হিচাপে কপাৰ অক্সাইডে লঘূ হাইড্ৰক্লৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ক্লৰাইড আৰু পানী উৎপন্ন কৰে।


CuO(s) + HCl(aq) → CuCl2(aq) + H2O(l)


 


5. সকলো এছিডৰ সার্বজনীন গুণ


        সকলো এছিড়ে ধাতুৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। গতিকে সকলো এছিডতে সাধাৰণভাৱে হাইড্রজেন থাকে। জলীয় দ্ৰৱত এছিড়ে হাইড্রজেন আয়ন, H+(aq) উৎপন্ন কৰে। ইয়াৰ বাবেই এছিড়বোৰে আম্লিক ধর্ম দেখুৱায়।

6. জলীয় দ্রৱত এছিডৰ পৰিৱৰ্তন


     পানীৰ উপস্থিতিত এছিডে হাইড্রজেন আয়ন উৎপন্ন কৰে। পানীৰ অনুপস্থিতিত এছিড অণুৰ পৰা H+ আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে।


                                HCl + H2O → H3O+ + Cl-


হাইড্রজেন আয়ন অকলে বৰ্তি থাকিব নােৱাৰে। পানী অণুৰে সৈতে লগ হৈ থাকে। এইবাবে হাইড্রজেন আয়নক H+ (aq) বা হাইড্রনিয়াম আয়ন (H3O+) ৰূপে দেখুওৱা হয়।


                                H+ + H2O → H3O+


ক্ষাৰকৰ ধৰ্ম

1. ক্ষাৰকৰ ধাতুৰ সৈতে বিক্ৰিয়া

     ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ পৰা হাইড্রজেন অপসাৰিত কৰিব পাৰে।এতেকে, ক্ষাৰক এটাৰে সৈতে ধাতু এটাৰ বিক্রিয়াক এনেদৰে লিখিব পাৰি

                ক্ষাৰক + ধাতু ⇒ লৱণ + হাইড্রজেন গেছ

                যেনে- 2NaOH + Zn → Na2ZnO2 + H2

2. অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ বিক্ৰিয়া

 এটা অধাতৱীয় অক্সাইড আৰু এটা এছিডৰ মাজত ঘটি লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক সাধাৰণভাৱে এনেদৰে লিখিব পৰা যায়—


                                    অধাতৱীয় অক্সাইড + এছিড → লৱণ + পানী


   কেলছিয়াম হাইড্রক্সাইডে কার্বন ডাই অক্সাইডৰে সৈতে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।


                                    Ca(OH)2 (aq) + CO2 (g) → CaCO3 (aq)+ H2O(l)


   3. ক্ষাৰকৰ সাৰ্বজনীন গুণ

সকলো ক্ষাৰকেই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে আৰু ইয়েই ক্ষাৰকক ক্ষাৰকীয় গুণ প্ৰদান কৰে।


                                    NaOH (aq) → Na+ (aq) + OH- (aq)


4. জলীয় দ্রৱত ক্ষাৰকৰ পৰিৱৰ্তন


     জলীয় দ্ৰৱত ক্ষাৰকে OH- আয়ন দিয়ে।


                    NaOH (s) ---পানী→ Na+ (aq) + OH- (aq)


 


ক্ষাৰকবোৰে পানীত হাইড্রক্সাইড (OH-) আয়ন উৎপন কৰে। যিবোৰ ক্ষাৰ পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ (alkali) বোলা হয়।


এছিড বা ক্ষাৰকৰ তীব্ৰতা


         এছিড আৰু ক্ষাৰকৰ তীব্ৰতা ইহঁতৰ দ্ৰৱত H+ বা OH- আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। H+ বা OH- আয়নৰ গাঢ়তা যিমান বেছি হব এছিড বা ক্ষাৰকৰ তীব্ৰতাও সিমানেই বেছি হব।   


pH স্কেল


         দ্ৰৱ এটাত থকা H+ বা OH- আয়নবোৰৰ পৰিমান নির্ণয় কৰিবলৈ এবিধ সার্বজনীনসূচক (Universal indicator) ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।এই সূচক বিভিন্ন সূচকৰ মিশ্রণ। দ্ৰৱত হাইড্রজেন আয়নৰ ভিন ভিন গাঢ়তাত সার্বজনীন সুচকবিধে ভিন ভিন ৰঙ প্রদর্শন কৰে।


        দ্রৱত হাইড্রজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল (PH scale) বোলা হয়। pH স্কেলত সচৰাচৰ 0 (খুব বেছি আম্লিক) পৰা 14 (খুব বেছি ক্ষাৰকীয়) লৈ pH জুখিব পাৰি। হাইড্র’নিয়াম আয়নৰ গাঢ়তা বেছি হ'লে pHৰ মান কম হয়।


এটা প্রশম দ্ৰৱৰ pH মান 7 । pH স্কেলত মান 7 তকৈ কম হলে দ্ৰৱ এটা আম্লিক, pH ৰ মান 7ৰ পৰা 14 লৈ বৃদ্ধি ঘটিলে দ্ৰৱত OH- আয়নৰ গাঢ়তা বৃদ্ধি অর্থাৎ ক্ষাৰৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায় ।


দৈনন্দিন জীৱনত pHৰ গুৰুত্ব 


        উদ্ভিদ আৰু প্রাণী pH সংবেদনশীল আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH পৰিসৰৰ ভিতৰত কার্য কৰে। ঠেক পৰিসৰত pH পৰিৱর্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে। বৰষুণৰ পানীৰ pH ৰ মান 5.6 ৰ কম হলে তাক এছিড বৰষুণ বুলি কোৱা হয়। এছিড বৰষুণৰ পানী নদীলৈ বৈ গলে নদীৰ পানীৰ pH হ্রাস পায়। এনেকুৱা নদীত জলজ জীৱ (aquatic life) বৰ্তি থকাটো টান হৈ পৰে।গছ-গছনি সুস্থ সবল বৃদ্ধিৰ বাবে মাটিৰ pH নির্দিষ্ট পৰিসৰৰ ভিতৰৰ গালিব লাগে।


আমাৰ পাচন তন্ত্ৰৰ pH


         খাদ্য় হজম হোৱা প্ৰক্ৰিয়াত আমাৰ পেটে হাইড্ৰ'ক্ল'ৰিক এছিড় উৎপন্ন কৰে। পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্য বস্ত ু হজম হোৱাত সহায় কৰে। অজীর্ণ হলে পেটে অত্যধিক এছিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত পোৰণি আৰু বিষ হয়। এই বিকাৰৰ পৰা পৰিত্রান পাবলৈ মানুহে অম্লনাশক (antacids) হিচাপে ক্ষাৰক ব্যৱহাৰ কৰে। মেগনেছিয়াম হাইড্রক্সাইড (মেগনেছিয়ামৰ দুগ্ধ) এটা মৃদু ক্ষাক। ইয়াক প্ৰায়েই অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

pH পৰিৱৰ্তন আৰু দন্তক্ষয়


           কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল (tooth enamel) অংশটো শৰীৰৰ কঠিনতম পদার্থ। ই পানীত দ্ৰৱীভূত নহয়। কিন্ত ু মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় যায়। ইয়াকে দন্তক্ষয় বোলে। আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীর্ণ কৰি এছিড উৎপন্ন কৰে। এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱেই উত্তম উপায়। দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় আৰু ই এছিড প্রশমিত কৰি দন্তক্ষয় ৰোধ কৰে।


আত্মৰক্ষাৰ বাবে প্রাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্রাম


           মৌ-মাখিয়ে বিন্ধাতে এবিধ এছিড নিঃসৰন কৰে আৰু ইয়াৰ বাবেই বিষ আৰু পােৰনি সৃষ্টি হয়। বিন্ধাৰ স্থানত বেকিং চ'ডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পােৱা যায়। চোৰাত পাতৰ শুংবােৰে বিন্ধিলে মিথানইক এছিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবােৰে বিন্ধিলে পােৰনি আৰু বিষ হয়।

লৱণ 


        এছিড আৰু ক্ষাৰকে পৰস্পৰ বিক্ৰিয়া কৰিলে লৱণ উৎপন্ন হয়। তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰশম। আনহাতে, তীব্ৰ এছিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক। তীব্ৰ ক্ষাৰক আৰু মৃদু এছিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয়।


কেইবিধমান প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ


ছ'ডিয়াম হাইড্র'ক্সাইড


             ছডিয়াম ক্ল'ৰাইডৰ এটা জলীয় দ্ৰৱ (ব্রাইন)ৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্র'ক্সাইড উৎপন্ন কৰে। উৎপাদিত দ্ৰৱ্যৰ নাম অনুসাৰ পদ্ধতিটোক ক্লৰ'-এলকালি পদ্ধতি বোলা হয়।


                                2NaCl(aq) + 2H2O(l) → 2NaOH(aq) + Cl2(g) + H2(g)


ক্ল'ৰিন গেছ এন’ডত আৰু হাইড'জেন গেছ কেথ'ডত মুক্ত হয়।

ব্লিচিং পাউদাৰ


                 শুকান শিথিলিত চূণৰ লগত ক্ল'ৰিণৰ বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্ত ুত কৰা হয়।


                                Ca(OH)2 + Cl2 → CaOCl2 + H2O


ব্লিচিং পাউদাৰৰ ব্যৱহাৰঃ


(i) বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ (linen) বিৰঞ্জিত কৰিবলৈ, কলত মণ্ড (wood pulp) বিৰঞ্জিত কৰিবলৈ আৰু ধুবিঘৰত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় |


(i) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰা হয় ।


(ii) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।


 


বেকিং ছডা


             ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক (NaHC03)বেকিং ছডা বোলা হয়। ইয়াক খোৱা বস্তু সোনকালে সিজিবলৈ যোগ কৰা হয়। ছডিয়াম ক্ল'ৰাইডৰ পৰা ইয়াক প্ৰস্তুত কৰা হয়।


                            NaCl + H2O + CO2 + NH3 → NH4Cl + NaHCO3


                                                                    (এমনিয়াম ক্ল’ৰাইড) (ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট)


        ৰন্ধা বঢ়া কৰোঁতে যেতিয়া তাপ দিয়া হয় তেতিয়া তলত দিয়া বিক্রিয়াটো ঘটে।


            2NaHCO3 → Na2CO3+H2O+C O2


ছ'ডিয়াম হাইড্র'জেনকার্বনেটৰ ব্যৱহাৰঃ


(i) ইয়াক বেকিং পাউদাৰ প্ৰস্ত ুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।


(ii) ছডিয়াম হাইড্র'জেনকার্বনেট অম্লনাশক (antacid) বোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।


(iii) ছ'ডা-এছিড অগ্নি নির্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়।


কাপোৰ ধোৱা ছ'ডা


        ছ’ডিয়াম ক্ল'ৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্রব্য হ’ল Na2CO3 10H2O (কাপোৰ ধোৱা ছ'ডা)। বেকিং ছ’ডা উত্তপ্ত কৰি পোৱা ছ’ডিয়াম কার্বনেটৰ পুনঃস্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ'ডা। পোৱা যায়। এইটো এটা ক্ষাৰকীয় লৱণ।


                        Na2CO3 + 1OH2O – Na2CO3.10H2O


কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ


(i) ছ’ডিয়াম কার্বনেট (কাপোৰ ধোৱা ছ'ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।


(ii) ব’ৰাক্সৰ দৰে ছ'ডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়।


(iii) ছ'ডিয়াম কার্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি।


(iv) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।


 


প্লাষ্টাৰ অব পেৰিছ


        জিপছামক 373k উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্রেট ( CaSO4. 1/2H2O) ত পৰিণত হয়। ইয়াক প্লাষ্টাৰ অব পেৰিছ বোলা হয়। প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ। পানী মিহলালে ই পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয়।



                CaSO4.1 /2 H2O + 11/2 H20→ CaSO4. 2H2O 


                          (জিপছাম) 


প্লাষ্টাৰ অব পেৰিছৰ ব্যৱহাৰঃ  


(i)ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে।  


(ii)প্লাষ্টাৰ অব পেৰিছক পুতলা, ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃন তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়।


অতি চমু প্রশ্নোত্তৰ


1. এচিড কি?


উত্তৰঃ যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H’ আয়ন মুক্ত কৰে, সেইবিলাকক‌ এচিড বোলে।


2. তীব্র এচিড কি?


উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H+ আয়ন মুক্ত কৰে, সেইবিলাকক তীব্র এচিড বোলে। যেনে HCI, H₂SO₄ HNO₃ আদি। 


3. মৃদু এচিড কি? 


উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H আয়ন মুক্ত কৰে, সেই বিলাকক মৃদু এচিড বোলে৷ যেনে – H₂CO₃, CH₃COOH আদি। 


4. ক্ষাৰক কাক বোলে? 


উত্তৰঃ যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH⁻ আয়ন মুক্ত কৰে, সেইবিলাকক ক্ষাৰক বোলে।


5. তীব্র ক্ষাৰকবোৰ কি?


উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH⁻ মুক্ত কৰে, সেইবিলাকক তীব্র ক্ষাৰক বোলে। যেনে— NaOH, KOH আদি। 


6. মৃদু ক্ষাৰবোৰ কি?


উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্রৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম‌ পৰিমাণে আয়ন‌ OH⁻ মুক্ত কৰে, সেইবিলাকক মৃদু ক্ষাৰক বোলে। যেনে–


Mg(OH)₂ , Al(OH)₃ আদি।


7. ক্ষাৰ বা এলকালি কি?



উত্তৰঃ পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকাপি বোলে। যেনে — NaOH, KOH আদি।


8. সূচক কি?


উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিবৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে। 


9. দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া। 


উত্তৰঃ লিটমাছ‚ হালধী।

10. দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা।


উত্তৰঃ মিথাইল অৰেঞ্জ, ফিন'লফ্থেলিন।


পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


Multiple Choice Questions & Answers


1. তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে –


(a) 5.6 তকৈ কম।


(b) 5.5 তকৈ কম।


(c) 7.0 ৰ পৰা 7.8।


(d) 0 ৰ পৰা 14। 



উত্তৰঃ (c) 7.0 ৰ পৰা 7.8।


2. তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়-


(a) 7.0 তকৈ কম।


(b) 5.5 তকৈ কম।


(c) 5.6 তকৈ বেছি।


(d) 5.5 তকৈ বেছি।


উত্তৰঃ (b) 5.5 তকৈ কম।


3. চোৰাত পাতৰ শুঙে বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়-  


(a) এছেটিক এচিড।


(b) চাইট্রিক এচিড।


(c) লেক্‌টিক এচিড।


(d) মিথানয়িক এচিড।


উত্তৰঃ (d) মিথানয়িক এচিড।


4. ছডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—


(a) প্রশম।


(b) ক্ষাৰকীয়।


(c) আম্লিক।


(d) ইয়াৰ এটাও নহয়।


উত্তৰঃ (a) প্রশম।


5. এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—


(a) ক্ষাৰকীয়।


(b) আম্লিক।


(c) প্রশম।


(d) ইয়াৰ এটাও নহয়।


উত্তৰঃ (b) আম্লিক।


6. এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি— 


(a) ক্ষাৰকীয়।


(b) প্রশম।


(c) আম্লিক।


(d) ইয়াৰ এটাও নহয়।


উত্তৰঃ (a) ক্ষাৰকীয়।


7. তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—

(a) প্রশম।


(b) আম্লিক।


(c) ক্ষাৰকীয়।


(d) ইয়াৰ এটাও নহয়।


উত্তৰঃ (a) প্রশম।


8. তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্রশম –


(a) CO₂ 


(b) SO₂ 


(c) H₂O 


(d) SO₃

উত্তৰঃ (c) H₂O 


9. তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান—


(a) ছ’ডিয়াম হাইড্রক্সাইড।


(b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।


(c) ছ’ডিয়াম কার্বনেট।


(d) ব্লিচিং পাউদাৰ।

উত্তৰঃ (b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।


10. তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়?


(a) কাপোৰ ধোৱা ছডা।


(b) বেকিং ছ’ডা।


(c) ছ’ডিয়াম হাইড্রক্সাইড।


(d) ব্লিচিং পাউদাৰ। 


উত্তৰঃ (a) কাপোৰ ধোৱা ছডা।


11. তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে?


(a) ছ’ডিয়াম হাইড্রক্সাইড।


(b) কেলছিয়াম হাইড্রক্সাইড।



(c) ছ’ডিয়াম কার্বনেট।


(d) পটেছিয়াম হাইড্রক্সাইড।


উত্তৰঃ (b) কেলছিয়াম হাইড্রক্সাইড।


12. প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ— 


(a) কপাৰ ছালফেট।


(b) ছ’ডিয়াম কার্বনেট।


(c) বেকিং ছডা। 


(d) জিপছাম।


উত্তৰঃ (d) জিপছাম।


13. এটা দ্রৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাব্য pH মান হ’ব—  


(a) 1 


(b) 7


(c) 8


(d) 10


উত্তৰঃ (a) 1


14. তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি — 


(a) শিথিলিত চূণ।


(b) বেকিং ছডা।


(c) জিপছাম।


(d) প্লাষ্টাৰ অব পেৰিছ।


উত্তৰঃ (b) বেকিং ছডা।

15. ক্ল’ৰ – এলকালি পদ্ধতিত উৎপন্ন হয় — 


(a) ছ’ডিয়াম হাইড্র’ক্সাইড।


(b) ক্ল’ৰিণ।



(c) হাইড্ৰ’জেন।


(d) ওপৰৰ আটাইকেইটা।


উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।


অতিৰিক্ত প্রশ্নোত্তৰ


A. Q.1. অম্ল আৰু ক্ষাৰকৰ দুটাকৈ ধৰ্ম উল্লেখ কৰা।


Ans. অম্লৰ ধৰ্ম :


(i) নীলা লিটমাছ কাগজ ৰঙা কৰে।


(ii) অম্লৰ সোৱাদ টেঙা।


● ক্ষাৰকৰ ধৰ্ম :


(i) ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোনৰ দৰে লাগে। 


(ii) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।


Q. 2. সূচক কাক বোলে? চাৰিটা অম্ল-ক্ষাৰক সূচকৰ নাম উল্লেখ কৰি সিহঁতৰ বৰণৰ পৰিৱৰ্তন কেনেকুৱা হয় লিখা।


Ans. সূচক: যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ সলনি কৰিব পাৰে সেই পদাৰ্থবোৰক সূচক বোলে। চাৰিটা অম্ল-ক্ষাৰক সূচক হ’ল–


(i) মিথাইল অৰেঞ্জ: এছিডৰ প্ৰৱত মিথাইল অ’ৰেঞ্জৰ বৰণ গুলাপীয়া আৰু ক্ষাৰকৰ দ্ৰবত হালধীয়া হয়। 


(ii) ফেনফ্থেলিন: এছিডৰ দ্ৰৱত বৰণহীন আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ গুলাপীয়া হয়।


(iii) লিটমাছ: আম্লিক মাধ্যমত ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত নীলা বৰণ হয়। 


(iv) ব্ৰ’ম’থাইম’ল ব্লু : ক্ষাৰকীয় মাধ্যমত নীলা আৰু আম্লিক মাধ্যমত হালধীয়া বৰণ হয়।


Q. 3. অম্লনাশক (Antacid) কি?


Ans. অম্লনাশক হ’ল অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্রব্য। যেনে, মেগনেছিয়া দুগ্ধ (Milk of magnesia) এটা অম্লনাশক। বিভিন্ন অম্লনাশক দ্ৰৱ্য্য দৰৱ হিচাপে আমি ঘাঁও। 


Q.4. তলত কিছুমান দ্ৰৱ দিয়া হৈছে—


হাইড্ৰ’ক্লবিক এছিড (HCI), হালফিউৰিক এছিড (H₂SO₄), নাইট্রিক এছিড (HNO₃), এছিটিক্ এছিড (CH₃COOH), ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH), কেলছিয়াম হাইড্ৰ’গাইড [Ca(OH)₂] পটেছিয়াম হাইড্রক্সাইড (KOH), মেগনেছিয়াম হাইড্রোক্সাইড [ Mg(OH)₂ ] আৰু এম নিয়াম হাইড্রক্সাইড (NH₄OH) প্রদত্ত দ্ৰব্যবোৰৰ মাধ্যমত ৰঙা লিটমাছ, নীলা লিটমাছ, ফেনলফথেলিন আৰু মিথাইল অ’ৰেঞ্জৰ বৰণ কেনেকুৱা হ’ব?


Q. 5. ঘ্রাণেন্দ্রিয় (Olfactory) সূচক কাক বোলে?


Ans. ঘ্রাণেন্দ্ৰিয় সূচক হ’ল যিবোৰ দ্ৰৱৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ গন্ধ পোৱা যায়। যেনে, আম্লিক মাধ্যমত ভেনিলাৰ গন্ধ অতি তৃপ্তিদায়ক কিন্তু ক্ষাৰকীয় মাধ্যমত কোনো গন্ধ পোৱা নেযায়।


Q. 6. সংকেত সহ চাৰিটা এছিড আৰু চাৰিটা ক্ষাৰকৰ নাম উল্লেখ কৰা। 


Ans. সংকেত সহ চাৰিটা এছিড হ’ল:


(i) হাইড্ৰ’ক্ল’ৰিক এছিড– HCI. 


(ii) ছালফিউৰিক এছিড–H₂SO₄


(iii) নাইট্রিক এছিড— HNO₃ 


(iv) এছিটিক্ এছিড– CH₃COOH.


সংকেত সহ চাৰিটা ক্ষাৰক হ’ল:


(i) ছ’ডিয়াম হাইড্র’অক্সাইড– NaOH. 


(ii) কেলছিয়াম হাইড্র’ক্সাইড– Ca(OH)₂


(iii) এম নিয়াম হাইড্রক্সাইড– NH₄OH. 


(iv) মেগনেছিয়াম হাইড্রক্সাইড– Mg(OH)₂


Q. 7. ধর্মসহ তিনি প্রকাৰ অক্সাইডৰ নাম উল্লেখ কৰা। 


Ans. তিনি প্রকাৰ অক্সাইড হ’ল:

(i) আম্লিক অক্সাইড (Acidic Oxide)। যেনে– CO₂,SO₂ ইত্যাদি। 


(ii) ক্ষাৰকীয় অক্সাইড (Basic Oxide)। যেনে– Na₂O₃, MgO ইত্যাদি। 


(ii) উভধর্মী অক্সাইড (Amphoteric Oxide)। যেনে– Al₂O₃, SiO₂, ইত্যাদি।


আম্লিক অক্সাইডৰ ধৰ্ম: ই নীলা লিটমাছক ৰঙা কৰে। 


ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম: ই ৰঙা লিটমাছক নীলা কৰে।


উভধর্মী অক্সাইডৰ ধৰ্ম: আম্লিক অক্সাইড আৰু ক্ষাৰৰ্কীয় অক্সাইডৰ ধর্ম উভধর্মী অক্সাইডত বিদ্যমান। 


Q. 8. যি কোনো বস্তুত এছিডৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? 


Ans. (i) লিটমাছ কাগজৰ দ্বাৰা: প্রথমত: বস্তুৰ জলীয় দ্ৰৱ লিটমাছ কাগজৰ ওপৰত কয়েক টোপাল পেলাই দিয়া হ’ল। যদি লিটমাছ কাগজৰ বৰণ ৰঙা হয়, তেতিয়া বস্তুটো হ’ব আম্লিক বা এছিডিক।


(ii) বিদ্যুৎ বিশ্লেষণ দ্বাৰা: এছিডৰ জলীয় দ্ৰৱত দুটা লোৰ গজাল সোমাই দি গজাল দুটাৰ দুয়ে প্ৰাত্তত পৰিবাহী তাঁৰ, বেটাৰী আৰু বৈদ্যুতিক বাল্ব লগালে বাল্বটো জ্বলি উঠিব কাৰণ এছিডে বিদ্যুৎ পৰিবাহী।


Q.9. HCI-ৰ জলীয় দ্ৰৱৰ লগত জিংক, মেগনেছিয়াম আৰু ছ’ডিয়ামৰ ৰাসায়নিক বিক্ৰিয়াৰ সমতুল সমীকৰণ লিখা।


Ans. (i) Zn + 2 HCI → ZnCl₂ + H₂


(যিংক) (হাইড্ৰ’ক্ল’ৰিক এছিড) (যিংক ক্ল’ৰাড)


(ii) Mg + 2HCI → MgCl₂ + H₂


(মেগনেছিয়াম) (মেগনেছিয়াম ক্ল’ৰাইড) 


(iii) 2Na + 2HCI → 2 NaCl + H₂


(ছ’ডিয়াম) (ছ’ডিয়াম ক্ল’ৰাইড)


Q. 10. দুটা অক্সাইডৰ নাম উল্লেখ কৰা যি দুটা অক্সাইড পানীৰ লগত বিক্রিয়া কৰি যথাক্রমে এছিড আৰু ক্ষাৰক উৎপন্ন কৰে। 


Ans. (a) ছালফাৰ ডাই-অক্সাইড (SO₂) আৰু কার্বন-ডাই-অক্সাইড (CO₂) পানীৰ লগত বিক্ৰিয়া কৰি এছিড উৎপন্ন কৰে।


CO₂+ H₂O → H₂CO₃ (কার্বনিক এছিড) 


SO₂ + H₂O → H₂SO₃ (ছালফিউবাছ এছিড)


(b) মেগনেছিয়াম অক্সাইড আৰু কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰে।


MgO + H₂O → Mg (OH)₂ (মেগনেছিয়াম হাইড্ৰ’ক্সাইড)


CaO + H₂O → Ca (OH)₂ (কেলছিয়াম হাইড্ৰ’ক্সাইড)


Q. 11. আম্লিক দ্ৰৱ বিদ্যুৎ প্রবাহিত কৰিব পাৰে নে?


Ans. হয়। সকলো প্ৰকাৰ এছিডৰ জলীয় দ্ৰৱ বিদ্যুৎ প্রবাহিত কৰিব পাৰে।


Q. 12. তলত উল্লেখ কৰা কোন বোৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’ব পাৰে? হাইড্ৰ’ক্ল’ৰিক এছিড, গ্লুক’জ, এছিটিক এছিড, ছালফিউৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড।


Ans. হাইড্ৰ’ক্ল’ৰিক এছিড, এছিটিক এছিড, ছালফিউৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ব পাৰে। 


Q.13. তলৰ কোনবোৰ দ্ৰৱ্য আম্লিক প্ৰকৃতিৰ নহয়? চেনী, ইউৰিয়া, এলক’হল, এছিটিক এছিড, নাইট্রিক এছিড আৰু কাৰ্বন ডাই-অক্সাইড।


Ans. চেনী, ইউৰিয়া আৰু এলকহল পানীত আম্লিক ধর্ম প্রদর্শন নকৰে। এইবোৰ দ্ৰৱ্য পানীত H⁺ আয়ন এৰি নিদিয়ে।


Q. 14. অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা। Ans. অম্ল আৰু ক্ষাৰকৰ পাৰ্থক্য:


Ans.


অম্ল ক্ষাৰক

(i) অম্লৰ সোৱাদ টেঙা। (i) ক্ষাৰকৰ সোৱাদ তিতা।

(ii) অম্লই নীলা লিটমাছ ৰঙা কৰে। (ii) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।

(iii) অম্লত হাইড্ৰজেন (H⁺) আয়ন থাকে। (iii) ক্ষাৰকত হাইড্ৰ’ক্সিল (OH⁻) আয়ন থাকে।

Q. 15. লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? 


Ans. লিটমাছ দ্ৰৱৰ উৎস হ’ল ছত্রাক-শৈবাল লাইকেন। কোন এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ কাৰণে লিটমাছ দ্ৰৱসূচক হিচাপে ব্যৱহাৰ কৰা হয়। 


Q.16. পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? 


Ans. পাতিত পানীত বঙা আৰু নীলা লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিবর্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হয় যে পাতিত পানী প্রশম (Neutral). 


Q. 17. এটা উদাহৰণসহ প্রশমন বিক্রিয়া বর্ণনা কৰা।


Ans. এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্রশমন বিক্রিয়া (Neutralisation) বোলে। এই বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় আৰু লগতে তাপ উৎপন্ন হয়। আমাৰ পাকস্থলীত অম্লব পরিমাণ অতি বেছি হ’লে বদহজম হয়। বদহজম কেতিয়াবা কষ্টকৰ হ’ব পাৰে। এই বদহজমৰপৰা সকাহ পাবলৈ আমি মেগনেছিয়াম দুগ্ধ (Milk of magnesia)-ৰ নিচিনা অম্লনাশক (Antacid) গ্ৰহণ কৰোঁ, য’ত মেগনেছিয়াম হাইড্ৰ’ক্সাইড থাকে। ই অতিৰিক্ত অম্লব প্রভাব নাইকিয়া কৰে অৰ্থাৎ এছিডৰ প্ৰশমন ঘটায়।


Q. 18, এটা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে। কিন্তু দুর্ভাগ্যবশত: এইবোৰত লেবেল নাই। এই পানীয়বিলাক গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। একজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক, কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা? 


Ans. কোনজন গ্রাহকক কোনটো পানীয় দিব লাগিব, তলত দিয়া উপায়ে থিৰাং কৰিব পাৰোঁ:


(i) যি পানীয় বস্তু ৰঙা লিটমাছ নীলা কৰিব, সেই পানীয় হ’ব ক্ষাৰকীয়। 


(ii) যি পানীয় নীলা লিটমাছ ৰঙা কৰিব, সেই পানীয় হ’ব আম্লিক। 


(iii) যি পানীয় ৰঙা লিটমাছ বা নীল লিটমাছৰ ৰং সলনি নকবে, সেই পানীয় হ’ব প্রশমিত।


Q. 19. কাৰণ ব্যাখ্যা কৰা: 


(ক) এছিডিটিত ভূগিলে তুমি অম্লনাশক টেবলেট খোৱা।


(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্রব ঘঁহা হয়। 


(গ) কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্রশমিত কৰা হয়।


Ans. (ক) এছিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট গ্রহণ কৰোঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্রভাব প্রশম কৰি নাইকিয়া কৰে আৰু আমি কষ্টৰপৰা ৰক্ষা পাওঁ। 


(খ) পৰুৱাৰ শুঙত ফর্মিক এছিড থাকে। পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে। কামোৰৰ এছিডৰ প্ৰভাৱটো কেলামাইন দ্রব (Calamine Solution) য’ত জিংক কার্বনেট ক্ষাৰক থাকে, ঘঁহি নাশ কৰিব পাৰি। 


(গ) বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। যদি এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাবলৈ দিয়া হয়, তেনেহ’লৈ এই অম্লই পানীত থকা মাছ আৰু অন্য জীব ধ্বংস কৰিব। সেয়েহে, কাৰখানাৰ আৱৰ্জনাসমূহ জলাশয়ত পেলোৱাৰ আগতে প্রশমিত কৰা হয়।


Q. 20. তোমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে। এটা হাইড্ৰ’ক্লৰিক এছিড, আনটো ছ’ডিয়াম হাইড্ৰ’ক্লাইড আৰু তৃতীয়টা হ’ল চেনীৰ দ্ৰব্য। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা? তোমাৰ কেৱল হালধিৰ সূচকহে আছে। 


Ans. তিনিটা পাত্ৰত তিনি ধৰণৰ জুলীয়া পদার্থ দিয়া আছে— এটা হাইড্ৰক্ল’ৰিক এছিড, আনটো ছ’ডিয়াম হাইড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনীৰ দ্ৰৱ। সূচক হিচাপে হালধিৰ গুড়া দিয়া আছে। এতিয়া প্রথম পাত্ৰটোত হালধিৰ গুড়াৰ দ্ৰৱ দিয়াত হালধীয়া ৰং নীলা বৰ্ণলৈ পৰিৱৰ্তন হ’ল। অতএব পাত্ৰটোত জুলীয়া পদাৰ্থ হ’ল হাইড্ৰ’ক্ল’ৰিক এছিড ।


Q.22. মেগনেছিয়া দুগ্ধ (Milk of magnesia) কি?


Ans. ই এটা অম্লনাশক (antacid)। ই অতিৰিক্ত অম্লব প্রভাব নাইকিয়া কৰে।


Q. 23. ডি অক্সিৰিব’ নিউক্লিক এছিড আৰু এমিন’ এছিডৰ কাম উল্লেখ কৰা। 


Ans. আমাৰ দেহৰ প্ৰতিটো কোষতে ডিঅক্সিৰিব’ নিউক্লিক এছিড বা ডি-এন-এ নামৰ এবিধ অম্ল থাকে। আমাৰ গঠন, চকুৰ ৰং, আমাৰ উচ্চতা আদি প্ৰতিটো বৈশিষ্ট্যক ইনিয়ন্ত্ৰণ কৰে। আমাৰ কোষবোৰৰ কিয়দংশ গঠন কৰা প্ৰটিনখিনি এমিন’ এছিডেৰে গঠিত।


Q. 24. আমাৰ শৰীৰৰ চৰীসমূহত কি এছিড থাকে? 


Ans. আমাৰ শৰীৰৰ চর্বিসমূহত ফেটি এছিড থাকে।


Q. 25. এবিধ প্রাকৃতিক ৰঞ্জকৰ নাম লিখা। ই ক’ত পোৱা যায়? 


Ans. সাধাৰণতে ব্যৱহাৰ হোৱা এবিধ প্রাকৃতিক বন্ধক বা সূচক হ’ল লিটমাছ। ইয়াক ছত্রাক-শৈবাল লাইকেনৰপৰা আহৰণ কৰা হয়।


Q.26. নেমু টেঙাত কি এছিড থাকে লিখা। 


Ans. নেমু টেঙাত ছাইট্রিক এছিড থাকে।


Q. 27. খাদ্য সংৰক্ষণৰ বাবে কি কি এছিড ব্যৱহাৰ কৰা হয় লিখা।


Ans, খাদ্য সংৰক্ষণৰ বাবে এছিটিক এছিড, ছাইট্রিক এছিড আদি ব্যৱহাৰ কৰা হয়।


দ্বিতীয় পাত্ৰত থকা জুলীয়া পদাৰ্থত সূচক হিচাপে হালধিৰ দ্ৰৱ দিয়াত জুলীয়া পদাৰ্থৰ ৰং ৰঙা হ’ল। অতএব দ্বিতীয় পাত্ৰত ছ’ডিয়াম হাইড্রক্সাইড আছে।


তৃতীয় পাত্ৰত থকা জুলীয়া পদাৰ্থত হালধিৰ দ্ৰব দিয়া হ’ল আৰু দেখা গ’ল যে জুলীয়া পদাৰ্থৰ ৰঙৰ কোনো পৰিৱৰ্তন হোৱা নাই। তৃতীয় পাত্ৰটোত থকা জুলীয়া দ্ৰৱটো হল চেনীৰ দ্ৰৱ।

Q. 28, লৱণ কেনেকৈ উৎপন্ন হয়? কেইটামান সাধাৰণ লৱণৰ নাম লিখা।


Ans. অম্ল (এছিড) আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হয়।


কেইটামান সাধাৰণ লৱণ হ’ল–


(i) কপাৰ ছালফেট (CuSO₄)


(ii) পটেছিয়াম নাইট্রেট (KNO₃) 


(iii) ছ’ডিয়াম ক্ল’ৰাইড (NaCl)


(iv) মেগনেছিয়াম ছালফেট (MgSO₄)


(v) ছ’ডিয়াম কার্বনেট (Na₂CO₃)


Q. 29. ক্ষাৰ আৰু লৱণৰ তিনিটাকৈ ব্যৱহাৰ লিখা।


Ans. ক্ষাৰৰ তিনিটা ব্যৱহাৰ: 


(a) পেট্ৰ’লিয়াম, কাগজ, বনস্পতি তেল আদিৰ শোধনত ক্ষাৰ ব্যৱহাৰ কৰা হয়।


(b) পৰিষ্কাৰক, যেনে– চাবোন, ডিটাৰজেন্ট পাউদাৰ আদি প্ৰস্তুত কৰিবলৈ ক্ষাৰ ব্যৱহাৰ কৰা হয়।


(c) পানী শোধনত, ব্লিচিং পাউদাৰ উৎপাদনত ক্ষাৰ ব্যৱহাৰ কৰা হয়।


• লৱণৰ তিনিটা ব্যৱহাৰ:


(i) কীটনাশক, চাবোন আৰু ক্ল’ৰিণ উৎপাদনত বিভিন্ন ধৰণৰ লৱণ ব্যৱহাৰ কৰা হয়।


(ii) বাৰুদ আৰু কাঁচ উৎপাদনত পটাছিয়াম নাইট্রেট জাতীয় লৱণ ব্যৱহাৰ কৰা হয়। 


(iii) খোৱা নিমখ হিচাপে, মাছ-মাংস সংৰক্ষক হিচাপে ছ’ডিয়ান ক্ল’ৰাইড লৱণ ব্যৱহাৰ কৰা হয়। 


Q.30. ক্ষাৰৰ দুটা উদাহৰণ দিয়া:


Ans. ক্ষাৰৰ দুটা উদাৰণ–


(a) ছ’ডিয়াম হাইড্রক্সাইড (NaOH)।


(b) পটেছিয়াম হাইড্ৰ’ক্সাইড (KOH)। 


Q. 31. তলত দিয়া যৌগ কেইটাৰ ভিতৰত অম্ল, ক্ষাৰ আৰু লৱণ বাছি উলিওৱা: 


CuSO₄, H₂SO₄, KOH, HCI, Na₂CO₃, Ca(OH)₂


Ans. (i) CuSO₄ আৰু Na₂CO₃ এইবোৰ লৱণ। 


(ii) KOH, Ca(OH)₂ এইবোৰ ক্ষাৰ।আৰু


(iii) HCI, H₂SO₄ অম্ল।


Q. 32. ক্ষাৰৰ ঘৰুৱা ব্যৱহাৰ সম্পৰ্কে লিখা।


Ans. আমি কাপোৰ-কানি, বাচন-বৰ্তন ধুৱলৈ চাবোন ব্যৱহাৰ কৰোঁ। পুৰণিকালত আৰু বর্তমানেও বহুতো লোকে এইবোৰ ধুৱলৈ নিজে প্ৰস্তুত কৰা কলা খাৰ ব্যৱহাৰ কৰে। ক্ষাৰব ব্যঞ্জন ৰান্ধিবৰ বাবে কলা খাব ব্যৱহাৰ কৰা হয়।


Q. 33. এছিড ব্যৱহাৰৰ ক্ষেত্ৰত কিয় সতর্ক হ’ব লাগে? 


Ans. কিছুমান এছিড ক্ষয়কাৰক। এইবোৰ গাত পৰিলে গাৰ চাল চিগে আৰু ঘাঁৰ সৃষ্টি কৰে। সেয়ে এছিড ব্যৱহাৰৰ ক্ষেত্ৰত সতর্ক হ’ব লাগে। 


Q. 34. নাইট্রিক, এছিটিক আৰু হাইড্ৰ’ক্লৰিক এছিডৰ ব্যৱহাৰ উল্লেখ কৰা।


Ans.


অম্ল সংকেত ব্যৱহাৰ

নাইট্রিক এছিড (HNO₃) প্লাষ্টিক আৰু ৰঞ্জক উদ্যোগত। সোণ-ৰূপৰ শোধন আৰু ৰাসায়নিক সাৰ উৎপাদনত।

এছিটিক এছিড (CH₃ COOH) সুগন্ধি দ্ৰৱ্য, ৰঞ্জক আৰু ভিনিগাৰ প্ৰস্তুত কৰাত, খাদ্য দ্ৰৱ্য সংৰক্ষণত ব্যৱহাৰ হয়।

হাইড্ৰ’ক্লৰিক এছিড HCL পৰীক্ষাগাৰত অতি প্রয়োজনীয় বিকাৰক হিচাপে, ক্লৰিণ আৰু বিভিন্ন ধাতুৰ ক্ল’ৰাইড প্রস্তুতিত, লোৰ ওপৰত যিংকৰ প্ৰলেপ দিয়াত আৰু দৰৱ হিচাপে ব্যবহৃত হয়।

Q. 35. ছডিয়াম ক্ল’ৰাইড কি? ইয়াৰ ব্যৱহাৰ লিখা।


Ans. আমি নিতৌ খাওঁতে ব্যৱহাৰ কৰা খাদ্য লৱণবিধ হ’ল ছডিয়াম ক্ল’ৰাইড (NaCl)। ইয়াক সাধাৰণ ভাষাত নিমখ বুলি কওঁ। নিমখ মাছ-মঙহ সংৰক্ষণত আৰু অন্যান্য কামত ব্যৱহাৰ হয়। 


Q. 36. CuSO₄, KNO₃, NaCI, MgSO₄ আৰু Na₂CO₃ লৱণৰ ব্যৱহাৰ উল্লেখ কৰা ৷


Ans. 


লৱন ব্যৱহাৰ

কপাৰ ছালফেট (CuSO₄) কীটনাশক, তামৰ শোধন, বিদ্যুৎ লেপন আদিত।

পটেছিয়াম নাইট্রেট (KNO₃) সাৰ হিচাপে, বাৰুদ আৰু কাঁচ উৎপাদনত।

ছডিয়াম ক্লোৰাইড (NaCl) খোৱা নিমখ হিচাপে, মাছ-মঙহ সংৰক্ষণত, ছ’ডিয়াম, ক্ল’ৰিণ আদি উৎপাদনত।

মেগনেছিয়ান ছালফেট (MgSO₄) দৰৱ হিচাপে, বস্ত্ৰ উদ্যোগত।

ছ’ডিয়াম কার্বনেট (Na₂CO₃) কাপোৰ ধোৱাত, পানী কোমলকৰণত, কাঁচ, চাবোন আদি উৎপাদনত।

Q. 37. সুমথিৰাৰ ৰস আম্লিক নে ক্ষাৰকীয় লিটমাছৰ সহায়ত কেনেদৰে প্ৰমাণ কৰিবা?


Ans. সুমথিৰাৰ বসত নীলা লিটমাছৰ দ্ৰৱ এটোপাল যোগ কৰিলে ৰসখিনি ৰঙা হৈ পৰিব। এই ঘটনাই প্ৰমাণ কৰিব যে সুমথিৰাৰ ৰস আম্লিক বা এছিডধর্মী। 


Q. 38. চুণ পানী কিয় ক্ষাৰকীয়? 


Ans, চূণ পানীত (Ca(OH)₂) OH⁻ মূলক থাকে বাবে চুণ পানী ক্ষাৰকীয়।


Q. 39. এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে কি গেছ উৎপন্ন হয়? এটা উদাহৰণেৰে চমুকৈ বুজাই লিখা। 

Ans. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন (H₂) গেছ উৎপন্ন হয়। যেনে– 


Zn + H₂SO₄ → ZnSO₄ + H₂ 


ধাতু এছিড হাইড্ৰ’জেন গেছ


অর্থাৎ Zn (জিংক)-এ H₂SO₄ (ছালফিউৰিক এছিড)ৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ আৰু যিংক ছালফেট লৱণ (ZnSO₄) উৎপন্ন কৰে। 


Q. 40. ফলৰ ৰস আৰু দৈক কপাৰ আৰু কাঁহ-পিতলৰ পাত্ৰত কিয় ৰখা নহয়? 


Ans. ফলৰ ৰস আৰু দৈ-ত এছিড় থাকে। এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে ফলৰ ৰস আৰু দৈ-ক কাঁহ-পিতলৰ পাত্ৰত ৰখা নহয়। 


Q. 41. দুটা প্রাকৃতিক সূচকৰ নাম লিখা। 


Ans. দুটা প্রাকৃতিক সূচক হৈছে হালধী আৰু লিটমাছ।


Q. 42. বিভিন্ন মাধ্যমৰ ফেনলফ্থেলিনৰ বৰণ কেনেকুৱা হয়?


Ans. ফেনলফ্থেলিনৰ বৰণ প্ৰশম আৰু আম্লিক মাধ্যমত বৰণহীন আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ গুলাপীয়া হয়। 


Q. 43. হালধীয়া ৰং আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত কেনেকুৱা হয়?


Ans. হালধীয়া ৰং এছিড আৰু প্ৰশম মাধ্যমত হালধীয়া। আনহাতে ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ ৰঙচুৱা মুগা হয়। 

Q. 45. তলত দিয়া পদাৰ্থবোৰৰ পৰা অম্ল আৰু ক্ষাৰকবোৰ বাছি উলিওৱা। কমলাৰ ৰস, তেতেলী পানী, চাবোন পানী, ছ’ডা পানী, ফটা গাখীৰ, জঠৰ ৰস, আমলখিৰ ৰস, কাপোৰ ধোৱা ছ’ডা, বেকিং পাউদাৰ।


Ans. অম্লবোৰ হৈছে: কমলাৰ ৰস, তেতেলী পানী, ফটা গাখীৰ, জঠৰ ৰস, আমলখিৰ ৰস।


● ক্ষাৰকবোৰ হৈছে: চাবোন পানী, ছ’ডা পানী, কাপোৰ ধোৱা ছ’ডা, বেকিং পাউদাৰ। 


Q. 46. তীব্র এছিডৰ সংজ্ঞা লিখা। তলত দিয়া এছিডবোৰৰ পৰা তীব্ৰ আৰু মৃদু এছিডবোৰ বাছি উলিওৱা ৷


HCI, CH₃COOH, H₂CO₃, HNO₃, H₂C₂O₄, HBr. 


Ans. তীব্র এছিডৰ সংজ্ঞা: যিবোৰ এছিড পানীত সম্পূর্ণভাবে আয়নিত হয় সেই এছিডবোৰক তীব্র এছিড বোলে। 


তীব্র এছিডবোৰ: HCI, HNO₃, HBr.


মৃদু এছিডবোৰ: CH₃ COOH, H₂CO₃, H₂C₂O₄


Q. 47. তলত দিয়া বিক্ৰিয়াবোৰত কি কি উৎপন্ন হ’ব? সমতুল সমীকৰণ লিখিবা-


Zn + H₂SO₄ →


Mg + HNO₃ (অতিশয় লঘু) →


CaCO₃ + HCI →


CuCO₃ + H₂SO₄ →


Ca(OH)₂ + HCI →


NH₄OH + HCI →


NaOH + H₂SO₄ →


NaOH + SO₂ →


Zn + NaOH →


Ans. Zn + H₂SO₄ = ZnSO₄ + H₂


Mg + HNO₃ = Mg(NO₃)₂ + H₂


CaCO₃ + 2HNI = CaCI₂ + H₂O + CO₂


Ca(OH)₂ + 2HCI = CaCI₂ + 2H₂O 


NH₄OH + HCI = NH₄CI + H₂O


2NaOH + H₂SO₄ = Na₂SO₄ + 2H₂O


2NaOH + SO₂ = Na₂SO₃ + H₂O


Zn + 2NaOH = Na₂ZnO₂ + H₂


48. চুণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কি কি বিক্রিয়া সংঘটিত হয় বুজাই লিখা।

Ans. চুণপানীৰ মাজেদি কার্বন ডাই-অক্সাইড গেছ যাবলৈ দিলে প্রথমে বগা অধ: ক্ষেপে পৰে— 


Ca(OH)₂ + CO₂ → CaCO₃ + H₂O 


                               (বগা অধ:ক্ষেপ)


বেছি CO₂ গেছ যাবলৈ দিলে পানীত দ্রৱণীয় কেলছিয়াম বাইকার্বনেট উৎপন্ন হয় আৰু বগা চুনপানী আকৌ ফটফটীয়া হয়।


CaCO₃ + H₂O + CO₂ → Ca(HCO₃)₂


                          কেলছিয়াম বাইকার্বনেট (পানীত দ্রৱণীয়)


B. খালী ঠাই পূৰণ কৰা:


(1) সকলো অম্লৰ অণুত __________ পৰমাণু থাকে৷


Ans. হাইড্ৰ’জেন৷


(2) যিবোৰ বস্তুৰ সোৱাদ টেঙা সেইবোৰ বস্তুত __________ আছে।


Ans. এছিড।


(3) অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াৰ ফলত __________ উৎপন্ন হয়।


Ans. লৱণ। 


(4) __________ নীল লিটমাছক ৰঙা কৰে।


Ans. এছিডে। 


(5) ক্ষাৰে __________ লিটমাছক __________ কৰে।


Ans. ৰঙা, নীলা।


(6) চুনৰ পানী, কলাখাৰ আদি __________ উদাহৰণ।


Ans. ক্ষাৰৰ৷


(7) এছিড আৰু ক্ষাৰে কৰা বিক্রিয়াক __________ বিক্রিয়া বোলে।


Ans. প্রশমন।


(8) যিবোৰ ৰাসায়নিক পদার্থই জলীয় দ্ৰৱত __________ আয়ন মুক্ত কৰে সেই পদাৰ্থবোৰক এছিড বা অম্ল বোলে। 


Ans. H⁺


(9) ফেনলফ্থেলিত এটা __________ সূচক আৰু ইয়াৰ বৰণ __________ দ্ৰৱত গুলাপীয়া।


Ans. সংশ্লেষিত, ক্ষাৰকীয়।


(10) জলীয় দ্ৰৱত ছালফিউৰিক এছিডে __________ আৰু __________ আয়ন মুক্ত কৰে।


Ans. S⁺; O⁻


(11) পানীত দ্রবীভূত হোৱা ক্ষাৰকক __________ বোলে।


Ans. ক্ষাৰ (Alkalis)। 


(12) যিবোৰ ৰঞ্জক পদাৰ্থই আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম মাধ্যমত বৰণ সলনি কৰিব পাৰে সেই পদার্থকে __________ বুলি কোৱা হয়।


Ans. সূচক। 


(13) CaSO₄,1/2H₂O-ক __________ বোলে।


Ans. প্লাষ্টাৰ অৱ পেৰিছ।


(14) যেতিয়া ছ’ডিয়াম হাইড্ৰ’কার্বনেট গৰম কৰা হয়, তেতিয়া __আৰু CO₂ পোৱা যায়।


Ans. Na₂CO3₃, H₂O.


(15) মিথাইল অ’ৰেঞ্জ আম্লিক মাধ্যমত __________ আৰু ক্ষাৰকীয় মাধ্যমত __________ হয়।


Ans. গুলাপীয়া, হালধীয়া।


C. তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা: 


(1) পনীয়া HCI-ৰ দ্ৰৱত লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ―


(a) বৰণহীন হয় 


(b) নীলা হৈয়ে থাকে 


(c) ৰঙা হয় 


(d) সেউজীয়া হয়


Ans. (c) ৰঙা হয়।


(2) পনীয়া NaOHৰ স্বাদ―


(a) টেঙা


(b) তিতা


(c) মঠ


(d) নিমখীয়া


Ans. (b) তিতা।


(3) পনীয়া ছালফিউৰাছ এছিড দ্ৰৱত ছ’ডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোন্‌টো গেছ উৎপন্ন হ’ব? 


(a) H₂


(b) SO₂


(c) H₂S


(d) O₂


Ans. (a) H₂


(4) চুণপানীৰ মাজেদি যথেষ্ট সময় CO₂ গেছ যাবলৈ দিলে চুণপানীখিনি প্রথমে গাখীৰৰ দৰে বগা আৰু পিছত ফটফটীয়া পৰিষ্কাৰ হৈ পৰে। এই অৱস্থাত দ্ৰৱটোত থাকে―


(a) CaCO₃ 


(b) Ca(OH)₂


(c) Ca(HCO₃)₂


(d) CaO


Ans. (c) Ca(HCO₃)₂


(5) তলৰ কোনটো আম্লিক লৱণ নহয়? 


(a) ফছফৰিক এছিড 


(b) কার্বনিক এছিড


(c) হাইড্ৰ’ক্ল’ৰিক এছিড


(d) ছালফিউৰিক এছিড


Ans. (b) কার্বনিক এছিড।


(6) মেগনেছিয়া দুগ্ধ (Milk of magnesia) হ’ল :


(a) গোটা মেগনেছিয়াম অক্সাইড 


(b) অদ্রৱণীয় মেগনেছিয়াম হাইড্ৰ’অক্সাইড 


(c) দ্ৰৱণীয় মেগনেছিয়াম হাইড্ৰ’ক্সাইড 


(d) অদ্রৱণীয় মেগনেছিয়াম কার্বনেট


Ans. (c) দ্ৰৱণীয় মেগনেছিয়াম হাইড্ৰ’ক্সাইড। 


(7) কাপৰ ধ’ৱা ছডাৰ ৰাসায়নিক সংকেত হ’ল:


(a) NaHCO₃ 


(b) Na₂CO₃, H₂O 


(c) Na₂CO₃ 


(D) Na₂CO₃,10H₂O 


Ans. (a) NaHCO₃. 


(৪) তলত উল্লেখ কৰা কোন্‌টো দৰৱ অজীর্ণ ৰোগৰ বাবে ব্যৱহাৰ কৰা হয়?


(a) এন্টিবায়টিক্ 


(b) এন্টাছিড্ 


(c) এনালজিক্ 


(d) এন্টিছেপ্‌টিক 


Ans. (b) এন্টাছিড্।


1. তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল নাথাকে ?


(a) ব্লভিটৰিওল 


(b) বেকিং ছ'ডা


(c) জিপচাম


(d) কাপোৰ ধোৱা ছ'ডা


উত্তৰঃ (b) বেকিং ছ'ডা


2. ছ'ডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰটো হৈছে---


(a) তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ


(b) তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ


(c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ


(d) দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰ 


Ans: (c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ


3. যদি এটা অম্লৰ দ্ৰব, ক্ষাৰকৰ দ্ৰবৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব ?


(a) দ্ৰবটোৰ উষ্ণতা বাঢ়িব


(b) দ্ৰবটোৰ উষ্ণতা 


(c) দ্ৰবৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়


(d) লৱণ আৰু পানীৰ উৎপত্তি হ'ব ।


(i) মাত্ৰ (a)


(ii) (a) আৰু (c)


(iii) (a) আৰু (d)


(iv) (b) আৰু (c)


উত্তৰঃ (iii) (a) আৰু (d)


4. তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধতম ক্ৰম ?


(a) পানী < এচেটিক এছিদ < হাইড্ৰ'ক্লৰিক এছিড


(b) পানী < হাইড্ৰ'ক্লৰিক এছিড < এচেটিক এছিড


(c) হাইড্ৰ'ক্লৰিক এছিড < পানী < এচেচিক এছিড


(d) এছেটিক এচিড < পানী < হাইড্ৰ'ক্লৰিক এছিড



উত্তৰঃ (a) পানী < এচেটিক এছিদ < হাইড্ৰ'ক্লৰিক এছিড


5. এছেটিক এচিডত যেতিয়া ছ’ডিয়াম বা ই কার্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয় । তলৰ কোনটো 


উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ?


(1) ই চূণৰ পানী ঘোলা কৰে 


(2) ই জ্বলি থকা শিখা নুমাই দিব


(3) ই ছ’ডিয়াম হাইড্র’ক্সাইডৰ দ্ৰবত দ্রবীভূত হ’ব


(4) ইয়াৰ এটা উগ্ৰ জনজনাই যোৱা গোন্ধ আছে।


(a) (1) আৰু (2)


(b) (1), (2) আৰু ( 3 )


(c) (2), (3) আৰু ( 4 )


(d) (1) আৰু (4)


উত্তৰ : (a) (1) আৰু ( 2 )



6. সাধাৰণ নিমখ তলৰ কোনটোত কেঁচা সামগ্ৰীৰূপে ব্যৱহাৰ হয় ?


(1) কাপোৰ ধোৱা ছ’ডা 



(2) ব্লিচিং পাউদাৰ


(3) বেকিং ছ’ডা


(4) শিথিলিত চূণ


(a) (1) আৰু (2) 


(b) (1), (2) আৰু ( 4 ) 


(c) (1) আৰু (3) 


(d) (1), (3) আৰু ( 4 )


উত্তৰ : (a) (1) আৰু ( 2 )


7. বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে ছ'ডিয়াম বাই- কার্বনেট, আনবিধ সামগ্ৰী হৈছে—


(a) হাইড্ৰ'ক্লৰিক এছিড


(b) টাটাৰিক এছিড 


(c) এচেটিক এছিড


(d) ছালফিউৰিক এছিড


উত্তৰ : (b) টাৰ্টাৰিক এচিড

8. কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্রবৰ বাবে কোনটো উক্তি সত্য ? 


(1) যিমানে pH বেছি হয়, সিমানেই অম্লৰ গাঢ়তা বাঢ়িব।


(2) যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব।


(3) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়তা বাঢ়িব।



(4) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়ত কমিব।


(a) (1) আৰু (3) 


(b) (2) আৰু (3)


(c) (1) আৰু (4) 


(d) (2) আৰু (4)


উত্তৰ : (d) (2) আৰু ( 4 )


9. খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে—


(a) 7 তকৈ কম 


(b) 7 তকৈ বেছি


(c) 7 ৰ সমান 


(d) শূন্য


উত্তৰ : (a) 7 তকৈ কম


10. দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এছিড বেচ সূচক হিচাপে ব্যৱহাৰ হয়?


(a) লিটমাছ


(b) হালধি


(c) ভেনিলা আত 


(d) পিটুনিয়াৰ পাত


উত্তৰ : (c) ভেনিলা আতৰ


. তলৰ কোনটো আম্লিক ধৰ্মৰ ?


(a) নেমুৰ ৰস


(b) মানুহৰ তেজ


(c) চূণৰ পানী


(d) অম্লনাশক (Antacid)


উত্তৰ : (a) নেমুৰ ৰস


12. ব্ৰাইন হৈছে—


(a) ছ’ডিয়াম বাই কার্বনেটৰ জলীয় দ্রৱ


(b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ 


(c) ছ'ডিয়াম কার্বনেটৰ জলীয় দ্রৱ


(d) ছ’ডিয়াম হাইড্ৰ'ক্সাইডৰ জলীয় দ্রৱ। 


উত্তৰঃ (b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ ।


13. অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো হৈছে


(a) ভিনেগাৰ 


(b) কাপোৰ ধোৱা ছ’ডা 


 (c) বেকিং ছ’ডা 


 (d) টাটাৰিক এছিড 


 উত্তৰঃ (c) বেকিং ছ’ডা 


14. কাপোৰ ধোৱা ছ’ডাত কিমান পানীৰ অণু আছে?


(b) 2 


 (a) 5 


 (c) 7 


 (d) 10 


 উত্তৰ : (d) 10 


15. মিল্ক অব্ মেগনেছিয়া হৈছে— 


(a) জিংক হাইড্রক্সাইড


(b) মেগনেছিয়াম হাইড্রক্সাইড 


(c) কেলচিয়াম হাইড্রক্সাইড


(d) এলুমিনিয়াম হাইড্রক্সাইড


উত্তৰ ঃ (b) মেগনেছিয়াম হাইড্রক্সাইড 


16. পানীৰ অম্ল দ্ৰবই বিদ্যুৎ পৰিবহণ কৰে, কাৰণ


(a) অম্লই নিজে নিজেই আয়নীয় হয় 


(b) পানীৰ উপস্থিতিত অম্ল আয়নীয় হয়


(c) পানীয়ে বিদ্যুৎ পৰিবহণ কৰে


(d) মাত্র পানী আয়নীয় হয়।


উত্তৰ : (d) মাত্ৰ পানী আয়নীয় হয় । 


17. টেঙা দৈত থকা এছিডটো হ'ল -


(a) অক্‌জেলিক এছিড


(b) টাৰটাৰিক এছিড


(c) লেকটিক এছিড


(d) ওপৰৰ এটাও নহয় । 


উত্তৰ : (c) লেকটিক এছিড


18. পনীয়া ছালফিউৰিক এছিড দ্ৰৱত ছডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় ? 


(a) H, 


(b) SO, 


(c) H,S 


(d) O2 


 উত্তৰ : (a) H2 


 19. নেমুটেঙাৰ ৰস আৰু কফি হ'ল—


(a) দুয়োবিধেই ক্ষাৰকীয় 


(b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ’ল ক্ষাৰকীয়


(c) দুয়োবিধেই আম্লিক


(d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আম্লিক 


উত্তৰঃ (b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ'ল ক্ষাৰকীয় ৷


20. তলৰ কোনটো ক্ষাৰক নহয়- 


(a) C₂H,OH 


(b) KOH 


(c) NH, OH 


(d) NaOH. 


উত্তৰ : (a) C,H,OH


 21. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত p"হ'ব পাৰে—


(a) 1 


(b) 4

 


 (c) 5    


(b) 10 


উত্তৰ : (d) 10 


22. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে— 


 (a) NaCl 


 (b) HCl 


 (c) LiCl


 (d) KCI 


 উত্তৰ : (b) HCl 


 23. NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৱএটাৰ 8m L সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'ব – 


 (a) 4mL 


(b) 8mL 


(c) 12mL 


(d) 16mL 


 উত্তৰ : (a) 4ml (10 x 8 = 20 × 4) 


24. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? 


 (a) এণ্টিবায়'টিক 


 (b) বেদনানাশক (analgesic) 


 (c) অম্লনাশক (antacid) 


 (d) বীজাণুবাৰক (antiseptic) 


 উত্তৰ : (c) অম্লনাশক ( antacid) 

এছিড, ক্ষাৰক আৰু লৱণ

অতিৰিক্ত, কিছুমান ভিতৰুৱা প্ৰশ্নৰ উত্তৰ

১/ লিটমাছ কি?

উত্তৰ: থেলফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক।

২/ লিটমাছ দ্ৰৱটো প্ৰশমাৱস্থাত কি ৰঙৰ হয়?

উত্তৰ: বেঙুনীয়া ৰঙৰ হয়।

৩/এছিড ক্ষাৰকৰ উদাহৰণ দিয়া।

উত্তৰ: ৰঙা বন্ধাকবিৰ পাত, হালধী,হাইড্ৰেনজিয়া,পিটুনিয়া আৰু জিৰেনিয়াম।

৪/ ঘ্ৰানেন্দ্ৰিক সুচক  কাক বোলে?

উত্তৰ: বিবেৰিৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে। এইবোৰক ঘ্ৰানেন্দ্ৰিক সূচক বোলে।

৫/ লৱন কাক বোলে?

উত্তৰ: এছিডৰ অৱশিষ্ট অংশৰে সৈতে ধাতু লগ হৈ এটা যৌগ গঠনৰ সৃষ্টি কৰে। তাকে লৱন বোলে।

৬/ প্ৰশমন বিক্ৰিয়া কাক বোলে?

উত্তৰ: এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱন আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বোলে।

৭/ ধাতৱ অক্সাইড আৰু এছিডৰ মাজত, বিক্ৰিয়াক লিখাৰ পদ্ধতি কি?

উত্তৰ: ধাতৱ অক্সাইড+এছিড→লৱন+পানী।

৮/ ক্ষাৰকীয় অক্সাইড কাক বোলে?

উত্তৰ: বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইড সমূহে এছিডৰে সৈতে বিক্ৰিয়া কৰি লৱন আৰু পানী উৎপন্ন কৰে।

সেইবাবে ধাতৱীয় অক্সাইড বোৰক ক্ষাৰকীয় অক্সাইড বোলে।

৯/ হাইড্ৰ'জেন গেছ কেনেকৈ উৎপন্ন হয়?

উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ'জেন গেছৰ উৎপন্ন হয়।

১০/এছিডত থকা কেটায়নটোৰ নাম কি?

উত্তৰ: H⁺ 

১১/ প্ৰশমন বিক্ৰিয়া একক বা লিখাৰ পদ্ধতি কি?

উত্তৰ: ক্ষাৰক+এছিড→লৱন+পানী।

১২/ লঘুকৰন কাক বোলে?

উত্তৰ: এছিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ‌ গাঢ়তা হ্ৰাস পায় এনে বিক্ৰিয়াক লঘুকৰন বোলে।

১৩/ pH স্কেল কাক বোলে?

উত্তৰ: দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা পৰিমানৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই pH বোলে।


১৪/ এটা প্ৰশম দ্ৰৱৰ pH ৰ মান কিমান?

উত্তৰ: ৭।

১৫/ তীব্ৰ এছিড আৰু মৃদু এছিড কাক বোলে?

উত্তৰ: বেছি H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্ৰ এছিড বোলা হয় আৰু কমকৈ H⁺ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলা হয়।

১৬/ বেকিং পাউদাৰ গৰম কৰিলে ঘটা বিক্ৰিয়াটো লিখা।

উত্তৰ: NaHCO₃+H⁺→co₂H₂O+এছিডৰ ছ'ডিয়াম লৱন

১৭/ স্ফটিকাবদ্ধ জল কি?

উত্তৰ: স্ফটিকাবদ্ধ জল হ'ল লৱন এটাৰ সংকেত এককৰ থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু।

১৮/ জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেত কি?

উত্তৰ: CuSO₄ 5H₂O

১৯/ জিপছামৰ ৰাসায়নিক সংকেত কি?

উত্তৰ : CaSO₄ 2H₂O

২০/ "প্লাষ্টাৰ অফ পেৰিছ" কাক বোলে?

উত্তৰ:জিপছামক ৩৭৩k উষ্ণতাত উৎপত্ত কৰিলে পানীৰ অণু হেৰুৱায় কেলচিয়াম ছালফেট হেমি হাইড্ৰেটত পৰিণত হয়। ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলে।

প্রশ্ন১: এছিড ( অম্ল ) আৰু ক্ষাৰৰ মাজত পার্থক্য লিখা । 

উত্তৰঃ

এছিড আৰু ক্ষাৰৰ পাৰ্থক্য:-
( ১ ) এছিডৰ সােৱাদ টেঙা । ( ১ ) ক্ষাৰৰ সােৱাদ তিতা বা কেঁহা ।

( ২ ) এছিডে নীল লিটমাছ ৰঙা কৰে । ( ২ ) ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে ।

( ৩ ) এছিড চুলে হাত খহটা যেন হয় । ( ৩ ) ক্ষাৰ চুলে হাত পিছল লাগে ।

( ৪ ) এছিডে হাইড্র'জেন আয়ন মুক্ত কৰে । ( ৪ ) ক্ষাৰে হাইড্র'ক্সিল আয়ন মুক্ত কৰে । 

প্রশ্ন২: এম'নিয়া খিৰিকী চাফা কৰাৰ দ্ৰবৰ দৰে বহুতাে ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় । ই ৰঙা লিটমাছ নীলা কৰে । ইয়াৰ প্রকৃতি কি ? 

উত্তৰঃ এম'নিয়াৰ প্রকৃতি ক্ষাৰকীয় । 

প্রশ্ন৩: লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎস কি ? এই দ্ৰৱৰ ব্যৱহাৰ কি ? 

উত্তৰঃ লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎস হ'ল লাইকেন । এই দ্ৰৱৰ দ্বাৰা কোনাে প্রদত্ত দ্ৰৱ আম্লিক নে ক্ষাৰকীয় প্রমাণ কৰিব পাৰি ।

প্রশ্ন৪: পাতিত পানী ( distilled water ) আম্লিক / ক্ষাৰকীয় / প্রশম কোনটো শুদ্ধ ? তুমি কি দৰে প্ৰমাণ কৰিবা ? 

উত্তৰঃ পাতিত পানী প্রশম । পাতিত পানীত লিটমাছ পেপাৰ ডুবাই দিলে লিটমাছৰ বেঙুনীয়া বৰণৰ পৰিবর্তন নহয় । গতিকে ই প্রশম ।

প্রশ্ন৫: প্রশমণ প্রক্রিয়াৰ উদাহৰণসহ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ প্রশমণ বিক্রিয়া :- যেতিয়া এছিডৰ লগত উপযুক্ত অনুপাতত ক্ষাৰ মিহলােৱা হয় , তেতিয়া এছিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় । অর্থাৎ এছিড় আৰু ক্ষাৰ উভয়ৰে নিজৰ গুণ লােপ পায় । বিক্রিয়াত তাপাে উদ্ভৱ হয় ।

উদাহৰণস্বৰূপে 
ছ'ডিয়াম হাইড্র'ক্সাইড ( NaOH ) ৰ লগত হাইড্র'ক্লৰিক ( HCI ) এছিডৰ বিক্রিয়া ঘটি ছ'ডিয়াম ক্ল'ৰাইড ( NaCl : খােৱা নিমখ ) আৰু পানী উৎপন্ন হয় । বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰি । 

NaOH + HCI –> NaCl + H₂O + Heat 

 ক্ষাৰ +  এছিড =নিমখ +পানী +তাপ  

প্রশ্ন৬: সঁচা হলে ‘ T ‘ আৰু মিছা হলে ‘ F ‘ লিখা । 

( i ) নাইট্রিক এছিডে ৰঙা লিটমাছ নীলা কৰে ।

উত্তৰঃ F


( ii ) ছ'ডিয়াম হাইড্রক্সাইডে নীল লিটমাছৰঙা কৰে । 

উত্তৰঃ T

( iii ) ছডিয়াম হাইড্র'ক্সাইড আৰু হাইড্র'ক্লৰিক এছিড পৰস্পৰে প্রশমিত হয় আৰু লৱণ আৰু পানী উৎপন্ন হয় । 

উত্তৰঃ T

( iv ) সূচক হ'ল এবিধ পদার্থ যিয়ে ক্ষাৰ আৰু অম্লৰ দ্ৰৱত বেলেগ বেলেগ ৰং প্রদর্শন কৰে ।

উত্তৰঃ T


( v ) দন্ত্যক্ষয় বেমাৰ দাঁতত লাগি থকা ক্ষাৰৰ পৰা হয় । 

উত্তৰঃ F

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রবসমূহ কিদৰে চিনাক্ত কৰিবা?

Ans. তিনিটা পৰীক্ষা নলীত পাতিত পানী, এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ দিয়া আছে। এটা ৰঙা লিটমাছ কাজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে, পৰীক্ষা নলীবোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰা হ’ল। যি পৰীক্ষা নলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ’ব, সেই দ্ৰৱটো হ’ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীলা লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজটো ৰঙা হয়, তেতিয়া সেই নলীৰ দ্ৰৱটো এছিড দ্ৰৱ আৰু বাকীটো নলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিবৰ্তন নহয়। অর্থাৎ তৃতীয় নলীত আছে পানী।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? 

Ans. দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে, পাত্ৰৰ লগত ৰাসায়নিক বিক্রিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেই কাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু ৰাখিব নেলাগে। 

Q. 2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? 

Ans. ধাতুবোৰে এছিডৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। যেনে, Zn(s) + 2HCl (aq) → ZnCl₂ (aq) + H₂ (g)

হাইড্ৰ’জেন গেছৰ উপস্থিতিৰ পৰীক্ষা: এটা জ্বলন্ত কাঠব শলা হাইড্ৰ’জেনপূর্ণ এডাল পৰীক্ষা নলীৰ মুখত ধৰিলে যদি কাঠিডাল নির্বাপিত হয় কিন্তু নলীত থকা গেছ জ্বলি থাকে তেন্তে উৎপন্ন হোৱা গেছাটো হাইড্ৰ’জেন গেছ।

Q. 3. এটা ধাতব যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোবে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সম্বলিত সমীকৰণটো লিখা।

Ans. ধাতুৰ যৌগ (A) হ’ব CaCO₃ – (কেলছিয়াম কার্বনেট)

নিৰ্গত হোৱা গেছ হ’ল : CO₂ – (কার্বন ডাই-অক্সাইড) 

সন্তুলিত ৰাসায়নিক সমীকৰণ হ’ল : CaCO₃(s) + 2HCl (aq) → > CaCl₂ (aq) + CO₂ (g) + H₂O (l)

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. জলীয় দ্রবত HCI, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ? 

Ans. HCI, HNO₃, আদি, এছিডবোৰৰ জলীয় দ্ৰৱত H⁺ আয়ন থাকে কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্ৰৱত কোনো H⁺ আয়ন নেথাকে। সেইবাবে এছিড সমূহ আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল, গ্লুক’জ আদিৰ জলীয় দ্ৰব আম্লিক ধৰ্ম নেদেখুৱায়।

Q. 2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

Ans. যেতিয়া পানীত এছিড মিশ্রিত কৰা হয়, তেতিয়া দ্ৰৱটো আয়নিত হয় আৰু এই মুক্ত আয়ন থকাৰ বাবে প্ৰৱণৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।

Q. 3. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়? 

Ans. অকল জলীয় মাধ্যমত HCI এছিড দ্ৰৱ H⁺ আৰু CI⁻ আয়ন সৃষ্টি কৰিব পাৰে, কিন্তু শুদ্ধ মাধ্যমত নোৱাৰে। সেইবাবে শুকান HCI লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিবৰ্তন নঘটায়।

Q. 4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? 

Ans. যেতিয়া এছিড আৰু পানী মিশ্ৰিত কৰা হয়, তেতিয়া বিক্রিয়াটো অধিকভাৱে উত্তপ্ত হয় আৰু ফলত বিস্ফ’ৰণ ঘটিব পাৰে। সেইবাবে এছিডক পানীত লাহে লাহে। যোগ কৰা হয়, যাতে উৎপন্ন তাপ পানীয়ে শোষণ কৰিব পাৰে আৰু দুর্ঘটনা ঘটাৰ আশংকা কম হয়। কিন্তু পানী এছিডত যোগ করিলে অধিক উত্তাপ সৃষ্টি হৈ বিশ্ব’ৰণ ঘটিব পাৰে বাবে পানী এছিডত যোগ কৰা নহয়।

Q. 5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়? 


Ans. যেতিয়া এছিডৰ দ্ৰৱক পানী মিশ্রিত কৰি পাতল কৰা হয়, তেতিয়া এছিডৰ পৰা H⁺ আয়ন বৰ্জিত হয় আৰু H₂O আৰু H₃O⁺-ৰ লগত লগ লাগি আয়নৰ পৰিমাণ বৃদ্ধি কৰে।

Q. 6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব? 

Ans. যেতিয়া ছডিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক পানীৰ লগত দ্ৰৱীভূত কৰা হয়, তেতিয়া একক আয়তনত OH⁻ আয়নৰ গাঢ়তা হ্রাস পায়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pᴴ ৰ মান 6 আৰু দ্ৰৱ B ৰ pᴴ ৰ মান ৪; কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

Ans. pᴴ = 6 থকা দ্ৰৱটো হ’ব আম্লিক আৰু pᴴ = ৪ থকা দ্ৰৱটো হ’ব ক্ষাৰকীয়। দ্রৱ A- ত (pᴴ = 6) হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছী।

Q. 2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে? 

Ans. যি দ্ৰৱত হাইড্ৰজেন আয়ন (H⁺) ৰ গাঢ়তা বেছী, সেই দ্ৰৱটোৰ প্ৰকৃতি আম্লিক হ’ব।

Q. 3. ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰৰ্কীয়? 

Ans, হয়, ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকে, কিন্তু OH⁺ আয়নৰ সংখ্যা বেছী হোৱাৰ কাৰণে ক্ষাৰকীয় দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয় হয়।

Q. 4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিখিলিত চুপ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

Ans. যেতিয়া এটা শস্যক্ষেত্ৰত এছিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া কৃষকৰ উচিত শস্যক্ষেত্ৰত পোৱা চুণ (CaO) বা চক বা (CaCO) বা শিথিলিত চুণ বা (Ca (OH)2) প্রয়োগ কৰা, যাতে এছিডৰ প্ৰশমন ঘটে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি? 

Ans. CaOCl₂-ৰ সাধাৰণ নাম ব্লিচিং পাউদাৰ আৰু ৰাসায়নিক নাম হ’ল কেলছিয়াম অক্সি ক্ল’ৰাইড।

Q. 2. ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

Ans. যেতিয়া কেলছিয়াম হাইড্রক্সাইডৰ [Ca(OH)₂ ], ক্ল’ৰিনৰ লগত ৰাসায়নিক বিক্রিয়া ঘটে, তেতিয়া ব্লিচিং পাউদাৰ উৎপন্ন হয়।

Ca(OH)₂ + Cl₂ CaOCl₂ + H₂O 

Q. 3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।


Ans. কঠিন পানী কোমল কৰাৰ কাৰণে ছডিয়াম কার্বনেট (Na₂CO₃) ব্যৱহৃত হয়। 

Q. 4. ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

Ans. যেতিয়া ছডিয়াম হাইড্ৰজেন কার্বনেট উত্তপ্ত কৰা হয়, তেতিয়া ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই-অক্সাইড পোৱা যায়।

2 NaHCO₃ –তাপ→ Na₂CO₃ + H₂O + CO₂

                             ছডিয়াম পানী কার্বনেট কার্বন ডাই অক্সাইড

Q. 5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

Ans. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল : 



পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

Q. 1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত Pᴴ হ’ব পাৰে–

(a) 1 

(b) 4

(c) 5

(d) 10

Ans. (d) 10.

Q. 2. এটা দ্ৰবই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—

(a) NaCl

(b) HCI

(c) LiCI 

(d) KCI

Ans. (b) HCI.

Q. 3. NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱএটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্রৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—

(a) 4mL

(b) 8m L

(c) 12mL

(d) 16mL

Ans. (d) 16mL.

Q. 4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক

(b) বেদনানাশক (analgesic) 

(c) অম্লনাশক

(d) বীজাণুবাৰক (antiseptic)

Ans. (c) অম্লনাশক।

Q. 5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে। 

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

(c) লঘু ছালফিউৰিক এছিড়ে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্রক্ল’ৰিক এছিড়ে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে। 

Ans. (a) ধাপ – I: যিংকৰ গুড়ি (granule) + লঘু ছালফিউৰিক এচিড → যিংক ছালফেট + হাইড্ৰজেন গেছ। 


ধাপ – II: Zn (s) + H₂ SO₄ (aq) → ZnSO₄ (aq) + H₂ (g) 

ধাপ – III: 2Zn (s) + 2H₂ SO₄ (aq) → 2ZnSO₄ (aq) + 2H₂(g)

(b) ধাপ – I: মেগনেছিয়াম + হাইড্ৰ’ক্লৰিক এছিড →

মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

ধাপ – II: Mg (S) + HCl (aq) → MgCI₂ (aq) + H₂ (g)

ধাপ – III: Mg (S) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)

(c) ধাপ – I: এলুমিনিয়াম + ছালফিউৰিক এছিড (aq) 

এলুমিনিয়াম ছালফেট্ + হাইড্ৰ’জেন গেছ।

ধাপ – II: AI (S) + H₂SO₄ (aq) → AI₂ (SO₄)₂ (aq) + H₂(g)

ধাপ – III: 2AI (S) + 3H₂ SO₄ (aq) → Al₂ (SO₄)₂ (aq) + 3H₂ (g)

(d) ধাপ – I: লো + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

ধাপ—II: Fe (S) + HCl (aq) → FeCl₂ (aq) + H₂ (g) 

ধাপ – III: Fe (S) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)


Q. 6. এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা। 

Ans. পদ্ধতি:

(i) 100 মিলি আয়তনৰ এটা বিকাৰ লোৱা হ’ল। এইটো এটা কৰ্কৰ ওপৰত স্থাপন কৰা হ’ল। দুটা লোৰ গজাল লোৱা হ’ল। 

(ii) গজাল দুডালক বেটাৰী, বাল্ব আৰু ছাবিৰ লগত সংযোগ কৰি বিদ্যুৎ প্রবাহ আৰম্ভ কৰা হ’ল।

(iii) বিকাৰটোত প্ৰথমতে ইথাইল এলক’হল যোগ কৰি পৰ্য্যবেক্ষণ কৰা হ’ল। আকৌ গ্লুক’জ যোগ কৰি পৰ্য্যবেক্ষণ কৰা হ’ল।

পর্যবেক্ষণ: বাল্বটো জ্বলা নাই। কাৰণ আধান প্রৱাহিত হোৱা নাই। 

• সিদ্ধান্ত: পৰীক্ষাটোৰ পৰা দেখা যায় যে গ্লুক’জ আৰু ইথাইল এলক’হল আয়নিত হোৱা নাই, অর্থাৎ H⁺ আয়ন এৰি দিয়া নাই ফলস্বৰূপে সিহঁতে বিদ্যুৎ প্ৰৱাহিত নকৰে কিন্তু বিকাৰটোত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড দিলে বাল্বটো জ্বলিব কাৰণ এছিডে বিদ্যুৎ পৰিবাহী। এই কাৰণে এলক’হল আৰু গ্লুক’জক এছিডৰ শ্রেণীভুক্ত কৰা হোৱা নাই।


Q. 7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? 

Ans. পাতিত পানী হ’ল বিশুদ্ধ পানী। ই আয়ন গঠন নকবে। কিন্তু বৰষুণৰ পানীত এছিড় আৰু নানা ধৰণৰ অশুদ্ধি থাকে, যি আয়ন মুক্ত কৰে আৰু এই আয়নে বিদ্যুৎ পরিবাহী। সুতৰাং আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানী বিদ্যুৎ প্রবাহিত নকৰে কিন্তু বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয়। 

Q. ৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয়?

Ans. পানীত দ্ৰৱীভূত কৰিলে এছিডে H⁺ আয়ন মুক্ত কৰে কিন্তু পানীত দ্ৰৱীভূত নকৰা এছিডে H+ আয়ন এৰি নিদিয়ে; কিন্তু এছিডৰ জলীয় দ্রৱ H+ আয়ন মুক্ত কৰে। ফলস্বৰূপে, পানী মিশ্ৰিত এছিডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। অর্থাৎ ই এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰে।

Q. 9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ—

(a) প্রশম।

(b) তীব্র ক্ষাৰকীয়।

(c) তীব্র আম্লিক।

(d) মৃদু আম্লিক।

(c) মৃদু ক্ষাৰৰ্কীয় হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ষিত ক্ৰমত pᴴ মানবোৰ সজোৱা ।

Ans. (a) প্রশম = D – 7,

(b) তীব্র ক্ষাৰকীয় = C – 11

(c) তীব্র আম্লিক = B – 1

(d) মৃদু আম্লিক = A – 4 

(e) মৃদু ক্ষাৰকীয় = E – 9

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ ক্ৰমিক বৃদ্ধিৰ ওপৰত ভিত্তি কৰি pᴴ- ৰ মান হ’ব : 11 <9 <7 <4 <1.

Q. 10. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল এত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

Ans. HCI এছিড থকা পৰীক্ষা নলী – A-ত ফোঁচ ফোঁচ শব্দ কৰি বুৰবুৰণি ওলাব। কাৰণ হাইড্ৰ’ক্ল’ৰিক এছিড, এছিটিক এছিডতকৈ অধিক তীব্র আৰু মেগনেছিয়াম ফিটা আৰু HCI এছিডৰ ৰাসায়নিক বিক্রিয়া, মেগনেছিয়াম ফিটা আৰু এছিটিক এছিডৰ বিক্ৰিয়াতকৈ বেছী দ্রুত গতিত ঘটে।

Q.12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে। (a) কিয় তেওঁ কেঁচা গাখীৰৰ pᴴ ৰ মান 6 ৰ পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে? (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়? 

Ans. (a) এজন গোৱালে গাখীৰত অলপ পৰিমাণে বেকিং ছ’ডা দিয়ে আৰু ইয়াৰ ফলত গাখীৰ তাজা আৰু ক্ষাৰকীয় হয়। সুতৰাং গাখীৰ বহুসময়ৰ বাবে ঠিক থাকে। 

(b) এই গাখীৰ দৈ-লৈ ৰূপান্তৰ হোৱাৰ বাবে বেছী সময় লাগে। কাৰণ গাখীৰক ক্ষাৰকীয় কৰাৰ বাবে বেকিং ছাডা দিয়া হয় আৰু বিক্ৰিয়াৰ ফলত লেক্‌টিক এছিড তৈৰী হয়। এই এছিড, ক্ষাৰ দ্বাৰা প্রশমিত হয় আৰু ইয়াৰ পিছত লাহে লাহে আম্লিকহৈ গাখীৰ, দৈ-ত ৰূপান্তৰিত হয় বুলি বেছী সময় লাগে।

Q. 13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

Ans. প্লাষ্টাৰ অৱ পেৰিছ বায়ুৰোধক বন্ধ পাত্ৰত ৰখা হয়। ইয়াৰ কাৰণ হ'ল সেমেকা বতৰত বা জলীয় বাষ্পৰ উপস্থিতিত ৰাসায়নিক পৰিবৰ্তন হৈ ই জীপছামলৈ ৰূপান্তৰিত হয় আৰু ফলস্বৰূপে প্লাষ্টাৰ অৱ পেৰিছ ইয়াৰ ধৰ্ম হেৰুৱায়।

Q. 14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

Ans. প্রশমন বিক্রিয়া: যি বিক্রিয়াত এছিড আৰু ক্ষাৰ থাকে আৰু পৰস্পৰে পৰস্পৰক প্রশমিত কৰে তাকে প্রশমন বিক্রিয়া বোলে।

উদাহৰণ: (i) Na₂OH(aq) + HCl (aq) → NaCl (aq) + H₂O(l) 

(ii) 2 NaOH (aq) + H₂SO₄ (aq) → Na₂SO₄(ag) + 2H₂O (l)

বেকিং ছ’ডা (Baking Soda) ৰ ব্যৱহাৰ :


(i) বেকাৰীত ব্যৱহাৰ কৰা হয়।

(ii) ছ’ডা-এছিড অগ্নি-নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

কাপোৰ ধোৱা ছ’ডা (Washing Soda)-ৰ ব্যৱহাৰ :

(i) গ্লাচ্, চাবোন আৰু কাগজ তৈয়াৰৰ বাবে ব্যৱহাৰ হয়। 

(ii) পানীৰ স্থায়ীত্ব আঁতৰোৱাৰ বাবে ব্যৱহাৰ হয়।

Electric Current

 Intext Questions Page Number: 200 Question 1 What does an electric circuit mean ? Answer: A continuous and closed path along which an elect...