Saturday, May 15, 2021

Homen Borgohain হোমেন বৰগোহাঞি

 হোমেন বৰগোহাঞি( ১৯৩২– ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ।

১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।

হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।

অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে।


১৯৫৮ চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিয়ে বিবাহপাশত আৱদ্ধ হয়। বৰগোহাঞি দুটি পুত্ৰ সন্তানৰ পিতৃ আৰু ১৯৭৭ চনত তেওঁ নিৰুপমা বৰগোহাঞিৰ পৰা পৃথক হয়।


**সাহিত্যিক অৱদান:-

*উপন্যাস:-

সাউদৰ পুতেকে নাও মেলি যায়

হালধীয়া চৰায়ে বাওধান খায়

অস্তৰাগ

পিতা-পুত্ৰ

দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ, তিমিৰ তীৰ্থ

এদিনৰ ডায়েৰী

বিষণ্ণতা

নিসংগতা

সুবালা

মৎস্যগন্ধা

তান্ত্ৰিক

*কবিতা পুথি:-

হৈমন্তী

*প্ৰবন্ধ সংকলন:-

প্ৰজ্ঞাৰ সাধনা

গদ্যৰ সাধনা

পাঠকৰ টোকাবহী

উচ্চাকাংক্ষা

আশীৰ দশকৰ দস্তাবেজ

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি

মানুহ হোৱাৰ গৌৰৱ

আধুনিক যুগৰ জন্ম কাহিনী

কিতাপ পঢ়াৰ আনন্দ

শৰীৰ আৰু হৃদয়

সাৰাংশ

জিজ্ঞাসা

স্বৰ্গ আৰু নৰক

ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা

মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প

জীৱনৰ মধুৰতম সময়

হৃদয়ৰ মানচিত্ৰ

সুস্থ দেহত সুস্থ মন

ডাৰউইন

মই যেতিয়া ক্লান্ত হওঁ

অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ

মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ

আত্ম দিপো ভৱ

মোৰ টোকাবহীৰ পৰা

*আত্মজীৱনীমূলক:-

আত্মানুসন্ধান

মোৰ সাংবাদিক জীৱন

ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড)

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ

*অন্যান্য:-

বিংশ শতাব্দীৰ সন্ধানত (সম্পা:)

সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ

*সম্পাদিত আলোচনী আৰু কাকত:-

আমাৰ অসম

অসম বাণী

নীলাচল

সূত্ৰধাৰ

নাগৰিক

সাতসৰী

নিয়মীয়া বাৰ্তা



ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা।

তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়।

১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।


২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে হোমেন বৰগোহাঞিদেৱ স্মৰণীয় হৈ ৰ’ব।



No comments:

Post a Comment

Class 6 Ganita Prakash Sample Paper

Maximum Marks: 80 Time Allowed : 3 hours General Instructions: All questions are compulsory. The question paper is divided into four section...