অধ্যায়ঃ ১২
শব্দ (SOUND)
প্ৰশ্নাৱলীঃ
1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ ?
উত্তৰঃ স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণাবিলাকক কপিবলৈ বাধ্য কৰে।
কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পৰ্যন্ত ভ্ৰমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসৰিত হ'ব। তাৰ পিছত ই নিকটৱতী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাটোও তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে । শব্দ আহি কাণত নপৰা পৰ্যন্ত মাধ্যমত এই প্ৰক্ৰিয়াটো চলি থাকে ।
প্ৰশ্নাৱলীঃ
1. তোমাৰ স্কুলৰ ঘন্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা ।
উত্তৰঃ স্কুলৰ ঘণ্টাটো কোবোৱাৰ সময়ত ঘণ্টাটোৰ লগত লাগি থকা তাৰ চৌপাশৰ কণাবোৰ কপিবলৈ বাধ্য কৰে তাৰ পিছত এই কণাবোৰে নিকটৱৰ্তী কণাবোৰৰ ওপৰত বল প্ৰয়োগ কৰে, তাৰ ফলত নিকটৱৰ্তী কণাবোৰও কপিবলৈ বাধ্য হয় । এনেদৰে গোটেই আন্দোলনটো মাধ্যমৰ কণাবোৰৰ মাজেদি সঞ্চালন হয় । সেই আন্দোলনটো আমাৰ কাণত নপৰা পৰ্যন্ত চলি থাকে বাবেই আমি ঘণ্টাৰ শব্দবোৰ শুনিব পাঁও।
2. শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ?
উত্তৰঃ শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে বাবে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়।
3. ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ'বানে ?
উত্তৰঃ শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন । যিহেতু চন্দ্ৰ পৃষ্ঠত কোনো ধৰণৰ বায়ুমণ্ডল নাই গতিকে তাত শব্দ কৰিলেও শব্দৰ সঞ্চালন নহব, ফলত শব্দ শুনা নাযাব।
প্ৰশ্নাৱলীঃ
1. তৰংগৰ কি ধৰ্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্ণতা নিৰ্ণয় কৰে ?
উত্তৰঃ (a) শব্দ তৰংগৰ কম্পনাংক ধৰ্মই তীক্ষ্ণতা নিৰ্ণয় কৰে। কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক কম আৰু উচ্চ তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক বেছি।
(b) শব্দৰ তীব্ৰতা তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। কোমল শব্দৰ বিস্তাৰ কম আৰু তীব্ৰ শব্দৰ বিস্তাৰ বেছি।
2. গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি ?
উত্তৰঃ গীটাৰৰ তীক্ষ্ণতা বেছি কাৰণ তীক্ষ্ণতা কম্পনাংকৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত ।
প্রশ্নাৱলী
1. শব্দ তৰংগৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক, পৰ্য্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ তৰংগ দৈৰ্ঘ্য : দুটা অনুক্রমিক ঘনীভৱন বা দুটা অনুক্ৰমিক অনুভৱণৰ মাজৰ দূৰত্বক তৰংগ দৈর্ঘ্য বোলে।
কম্পনাংক : মাধ্যমৰ কোনো বিন্দুৰ মাজেদি এক ছেকেণ্ডত পাৰ হৈযোৱা তৰংগৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে।
পৰ্য্যায়কাল : মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক শব্দ তৰংগৰ পৰ্য্যায়কাল বোলে।
বিস্তাৰ : শব্দ তৰংগই সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ দূৰত্বক বিস্তাৰ বোলে।
2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে?
উত্তৰঃ কম্পনাংক, তৰংগ দৈৰ্ঘ আৰু দ্ৰুতিৰ মাজৰ সম্পৰ্ক হ’ল – v = nλ
য’ত v = দ্রুতি
n = কম্পনাংক
λ = তৰংগ দৈৰ্ঘ্য।
3. প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 m/sec আৰু কম্পনাকে 220 Hz | ইয়াৰ তৰংগ দৈৰ্ঘ্য নির্ণয় কৰা।
উত্তৰঃ ইয়াত, v = 440m/sec
n = 220 Hz
λ = ?
এতিয়া v = na
⇒ 2 = v / n
= 440 /220m
= 2 m
4. উৎসৰ পৰা 450m দূৰত্বত উপবিষ্ট ব্যাক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাক 500 Hz। উৎসৰ পাৰ নিৰ্গত অনুক্রমিক ঘনীভৱণবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান?
উত্তৰঃ ইয়াত, n = 500Hz
T = ?
আমি জানো যে, T = 1 / n
= 1 / 500
= 0.002 sec.
প্ৰশ্নাৱলীঃ
1. শব্দ তৰংগৰ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায় কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ তৰংগদৈৰ্ঘ্যঃ দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক অনূভৱনৰ মাজৰ দূৰত্বক তৰংগদৈৰ্ঘ্য বোলে।
কম্পনাংকঃ প্ৰতি একক সময়ত সংঘটিত সম্পূৰ্ণ কম্পনৰ সংখ্যাক কম্পনাংক বোলে।
পৰ্যায় কালঃ মাধ্যমৰ ঘনত্ব বা চাপৰ এটা কম্পন সম্পূৰ্ণ হওঁতে তৰংগক প্ৰয়োজন হোৱা সময়ক পৰ্যায় কাল বোলে।
বিস্তাৰঃ মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে।
প্ৰশ্নাৱলীঃ
1. শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰঃ প্ৰৱল্য হৈছে – প্ৰতি চেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাৱল্য বোলে ।
তীব্ৰতাঃ তীব্ৰতা হ'ল শব্দলৈ শ্ৰৱনেন্দ্ৰিয়ৰ সাঁহৰিৰ জোখ।
প্ৰশ্নাৱলীঃ
1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আতাইতকৈ বেছি ?
উত্তৰঃ এক নিৰ্দিষ্ট উষ্ণতাত লোৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি।
প্ৰশ্নাৱলীঃ
1. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয় ?
উত্তৰঃ সংগীত সমলয়ৰ প্ৰক্ষাগৃহৰ মৃধচখন বক্ৰাকৃতিৰ হয় কাৰণ বক্ৰাকৃতিৰ হলে শব্দ প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে।
প্ৰশ্নাৱলীঃ
1. সাধাৰণতে মানুহৰ কাণৰ শ্ৰৱ্য পৰিসৰ কি ?
উত্তৰঃ সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ হ’ল 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ (1 হাৰ্জ = 1 চক্ৰ/ছে)
2. (a) অৱশব্দ আৰু (b) অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি ?
উত্তৰঃ (a) অৱশব্দঃ 20000 Hz বা 20 KHz ৰ অধিক কম্পনাংকৰ শব্দক অৱশাব্দিক ধ্বনি বা অৱশব্দ বোলে।
(b) অতিশব্দঃ 20000 Hz বা 20 KHz ৰ অধিক কম্পনাংকৰ শব্দক অতিশাব্দিক ধ্বনি অতিশব্দ বোলে ।
অনুশীলনীঃ
1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় ?
উত্তৰঃ শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।
বিভিন্ন বস্তুৰ কম্পনৰ দ্বাৰা শব্দৰ উৎপত্তি হয়।
2. শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু অনুভৱনে কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰঃ
স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক ঠেলে সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয় একে অঞ্চলক সংকোচন বা বায়ুৰ ঘনীভৱন বোলে । যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক অনুভৱন বোলে।
3. শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা ।
উত্তৰঃ বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা ওলোমোৱা হ'ল। এতিয়া বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হ'ল। চুইছ দিলে ঘণ্টাটোৰ শব্দ শুনিবলৈ পোৱা যাব। এতিয়া পাম্পটো চলোৱা লগে লগে বেলজাৰটোৰ ভিতৰৰ বায়ু খিনি লাহে লাহে নিষ্কাশিত হৈ থকা অৱস্থাত একে প্ৰবাহেই ঘণ্টাটোৰ মাজেৰে বৈ থকা স্বত্বেও ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব। আৰু কিছুসময় পিছত যেতিয়া বেলজাৰৰ ভিতৰত অতিকম পৰিমাণৰহে বায়ু অৱশিষ্ট থাকিব তেতিয়া অতশয় সৰু শব্দহে শুনা যাব।
গতিকে ইয়াৰ পৰা প্ৰমাণ হ'ল যে শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন ।
4. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?
উত্তৰঃ শব্দ তৰংগৰ মাধ্যমৰ কণাবোৰ সাম্য অৱস্থাৰ পৰা অগা পিচা কৰি দোলন কৰে। এনে তৰংগৰ মাধ্যমৰ কণাবোৰ আন্দোলন অগ্ৰসৰ হোৱা দিশত সমান্তৰলভাৱে গতিশীল হয়, সেই বাবে শব্দ তৰংগ অনুদৈৰ্ঘ্য তৰংগ বোলে।
5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা?
উত্তৰঃ শব্দৰ তীক্ষ্ণতা চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে বন্ধুৰ মাত চিনাক্ত কৰিব পৰা যাব।
6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰকণি শুনা যায়, কিয় ?
উত্তৰঃ বিজুলীৰ পোহৰ দৃশ্যমান হোৱাৰ কিছুসময়ৰ পিছতহে ঢেৰকণিৰ শব্দ শুনা যায় কাৰণ শব্দৰ দ্ৰুতি (বেগ) পোহৰৰ দ্ৰুতিকৈ (বেগতকৈ) কম।
9. শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূর্ণ কৰিব?
উত্তৰ :-
দিয়া আছে,
কম্পনাংক, ৵ = 100 Hz
সময়, t = 1 min = 60s
কম্পনৰ সংখ্যা = 100 × 60
= 6000 টা
∴ শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz হ’লে ই এক মিনিটত 6000টা কম্পন সম্পূর্ণ কৰিব ৷
10. পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।
উত্তৰ :- হয়, পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানে ৷ পোহৰৰ দৰে শব্দৰো আপতন আৰু প্ৰতিফলনৰ দিশ দুটাই আপতন বিন্দুত পৃষ্ঠৰ আভিলম্বৰ সৈতে সমান সমান কোণ উৎপন্ন কৰে আৰু সিহঁত একেখন সমতলতে থাকে ৷
10. পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে ? ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ মানি চলে। শব্দৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতিত আৰু প্ৰতিফলিত শব্দৰ দিশ দুটাই আপতন বিন্দুত প্ৰতিফলন পৃষ্ঠৰ সাপেক্ষে টনা অভিলম্বৰ লগত সমান সমান কোণ উৎপন্ন কৰে আৰু এই তিনিওটা একেখন সমতলত থাকে।
12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।
উত্তৰঃ শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হল-
১। ধ্বনিবৰ্দ্ধক বা মেগাফ’ল, হৰ্ন আদিৰ ব্যৱহাৰ। এই যন্ত্ৰসমূহত নলী এটাৰ মূৰত সংলঘ্ন শংকু আকৃতিৰ মুখত তৰংগৰ পুনঃ পুনঃ প্ৰতিফলনে শব্দ তৰংগৰ অধিকাংশ উৎসৰ পৰা শ্ৰোতাৰ দিশত সঞ্চালিত কৰে।
২। ষ্টেথ'স্কপৰ ব্যৱহাৰ। চিকিৎসকয়ে ষ্টেথ'স্কপৰ সহায়ত ৰোগী হৃদস্পন্দন পুণ: পুণ: প্ৰতিফলনৰ যোগেদি শুনে।
14. শব্দ তৰংগ এটা 339 ms–1 দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈর্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্রাব্য হ‘বনে?
উত্তৰ :-
দিয়া আছে,
শব্দ তৰংগৰ দ্ৰুতি, v = 339 ms-1
তৰংগ দৈৰ্ঘ্য, ⋋ = 1.5 cm = 1.5/100 = 0.015m
তৰংগটোৰ কম্পনাংক, ৵ = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) × কম্পনাংক(৵)
⇒ ৵ = v/⋋
⇒ ৵ = 339/ 0.015
⇒ ৵ = 22600 Hz
যিহেতু মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ প্ৰায় ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জ সেয়েহে উক্ত কম্পনাংক শ্ৰাব্য নহয় ৷
15. অনুৰণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?
উত্তৰঃ শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনকে অনুৰণ বুলি কোৱা হয়।
অনুৰণন কমাবৰ বাবে পেক্ষাগৃহৰ বেৰ আৰু মূধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে আহঁযুক্ত প্ৰচাপিত ব’ড খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আৱৰা হয়। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয়।
16. শব্দৰ তীবতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল ?
উত্তৰঃ শব্দৰ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সহাঁৰিয়েই হল শব্দৰ তীব্ৰতা। ই মূলত বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয়। ই কম্পিত বস্তুৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল ।
17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে ?
উত্তৰঃ বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰি আৰু তাৰ প্ৰতিফলন ধৰা পেলাই চিকাৰ বিচাৰে। বাদুলীৰ অতি তাক্ষ্ণ চেঁ-চেঁয়ানিবোৰ প্ৰতিবন্ধক বা চিকাৰৰ পৰা প্ৰতিফলিত হৈ বাদুলীৰ কাণলৈ উভতি আহে। প্ৰতিফলিত তৰংগৰ প্ৰকৃতিৰ পৰা বাদুলিয়ে প্ৰতিবন্ধকৰ অৱস্থান আৰু প্ৰকাৰৰ উমান পায়।
18. পৰিস্কাৰ (Cleaning) কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কি দৰে হয় ?
উত্তৰঃ এই ক্ষেত্ৰত পৰিস্কাৰ কৰিব লগীয়া বস্তুবোৰ এটা পৰিস্কাৰ কৰিব লগীয় বস্তুবোৰ এটা পৰিস্কাৰ ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাংকৰ খুন্দাত ধুলি মাকতি তেলেতীয়া পদাৰ্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰৱৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াত বস্তুবোৰ সম্পূৰ্ণ পৰিস্কাৰ হয়।
19. চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা।
উত্তৰঃ চনাৰ শব্দই শাব্দিক দিক নিৰ্ণয় আৰু জৰীপ বুজায়।
এই যন্ত্ৰৰে পানীৰ তলৰ বস্তুৰ দূৰত্ব, দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয়। চনাৰত এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে। এই দুটা নাও বা জাহাজৰ তলিত লগোৱা থাকে। প্ৰেৰক যন্ত্ৰই অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ মাজেৰে সঞ্চালিত হয় আৰু সমুদ্ৰতলিত থকা বস্তুত প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহক যন্ত্ৰত ধৰা পৰে। গ্ৰাহক যন্ত্ৰই উভতি অহা অতিশাব্দিক তৰংগবোৰ বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। তাৰ পৰৱৰ্তী পযায়ত এই সংকেটবোৰৰ যথোপযুক্ত বিশ্লেষণ সম্পন্ন হয় ।
চনাৰৰ ব্যৱহাৰেৰে সমুদ্ৰতলিত থকা বস্তুৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি।
21. অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পোলোৱা হয় ব্যাখ্যা কৰা।
উত্তৰঃ ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। ধাতুৰ কুণ্ডাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰেৰিত তৰংগবোৰক সংসূচকত ধৰা পেলোৱা হয়। ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্ৰ বিসংগতিয়েও অতিশব্দক প্ৰতিফলিত কৰি চ্যুতি বা বিসংগতিৰ উপস্থিতি নিৰ্ণয় কৰে।
22. মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা।
উত্তৰঃ কাণৰ বাহ্যিক অংশক কৰ্ণপালি বোলে। ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে। সংগ্ৰহীত শব্দবোৰ শ্ৰৱন নলীৰে সঞ্চালিত হয়। শ্ৰৱন নলীৰ শেষ প্ৰান্তত পাতল পৰ্দা এখন থাকে। ইয়াকে কৰ্ণপটহীয় পৰ্দা বা কাণমাদল বোলে। মাধ্যমত ঘনীভৱন কাণমণ্ডলত উপনীত হ’লে পৰ্দাৰ বৰ্হিভাগত চাপৰ বৃদ্ধি হয় আৰু কাণমাদলক ভিতৰলৈ ঠেলে। এনেদৰে মাধ্যমৰ তনূভৱনে স্পৰ্শ কৰিলে কাণমাদল বাহিৰলৈ ওলাই আহে। এইদৰে কাণমাদলত কম্পনৰ সৃষ্টি হয়। এই কম্পনক মধ্যকৰ্ণত থকা তিনিডাল হাড়ে কেবাগুণে সহবৰ্দ্ধিত কৰে। শব্দৰ পষা উদ্ভিত সংবৰ্দ্ধিত চাপৰ পৰিৱৰ্তনক মধ্যকৰ্ণই অন্তঃ কৰ্ণলৈ প্ৰেৰণ কৰে। অন্তঃ কৰ্ণত বায়ুচাপৰ পৰিবৰ্তনক কৰ্ণাবৰ্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে শ্ৰৱন স্নায়ুৰ দ্বাৰা বৈদ্যুতিক সংকেটবোৰ মগজু পায়গৈ আৰু মগজুৱে এইবোৰক শব্দ বুলি তাৎপৰ্যোদ্ধাৰ কৰে।
No comments:
Post a Comment