বৈষ্ণৱ পণ্ডিত, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, মহাজ্ঞানী শ্রী শ্রী নাৰায়ণ চন্দ্র দেৱগোস্বামী
তেতিয়া পখিলা খেদি ফুৰা, জোনাকী পৰুৱা খেদি ফুৰাৰ বয়স। মাত্ৰ আঠ বছৰ। মাতৃৰ আঁচলৰ উমৰ পৰা শিশুটিক লৈ যোৱা হ'ল গুৰু মাধৱৰ জীৱনাদৰ্শত নিমজ্জিত, নীতি নিয়মৰ কঠোৰপন্থী এখন সত্ৰলৈ।সীমাহীন ফুলকোমল চিন্তাত মগন হৈ থকা, ডাৱৰৰ মাজে মাজে শুকুলা ঘোঁৰা চেকুৰাই ইন্দ্ৰৰ ফুলনীৰ পাৰিজাত বিচাৰি ফুৰাৰ কথা কল্পনা কৰি থকাৰ সময়তে সম্পূর্ণ বেলেগ এটা পৰিবেশলৈ আনি সত্ৰীয়া নীতি-নিয়মৰ উদাসীন পৰম্পৰাৰ আদিপাঠ শুনোৱা হ'ল। পিতৃ ৰোষেশ্বৰ দেৱগোস্বামী (নতুন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ) আৰু মাতৃ বসুন্ধৰা দেৱী য়ে গভীৰ পুত্ৰস্নেহ ত্যাগ কৰি আঁচলৰ ধন কণিষ্ঠ পুত্ৰক অৰ্পি দিলে সু প্ৰসিদ্ধ মাজুলী (নতুন) কমলাবাৰী সত্ৰৰ ভাবী সত্ৰাধিকাৰ হিচাপে ১৯৫০ চনৰ ১৩ মে' (১৬ জেঠ) ৰ দিনা। পুত্রবিদায় দিওঁতে হিয়া উজাৰি আশীৰ্বাদ দিলে - ভৱিষ্যতে বিখ্যাত ধৰ্মপালক সত্ৰাধিকাৰ হৈ সাহিত্য সংস্কৃতিত ব্ৰতী হ'বলৈ। গুৰু, দেৱ, নাম, ভকতৰ সেৱাত উৎসৰ্গিত হ'বলৈ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুদুজনাৰ সাহিত্য-সংস্কৃতি, ঐতিহ্য পৰম্পৰা অবগাহন কৰি পিতৃকুল,পোষ্টা (তোলনীয়া) কুল, বৈষ্ণৱকুল ৰক্ষা কৰিবলৈ।
সেই ফুলকুমলীয়া অৱস্থাতে পিতৃ-মাতৃ আপোনজনৰ স্নেহ-সান্নিধ্যৰ পৰা বিচ্ছেদ হৈ কেৱলীয়া সত্ৰৰ কঠোৰ নীতি-নিয়মৰ লক্ষ্মণৰেখাৰ মাজত সোমাব লগা হ'ল। লগে লগে আৰম্ভ হ'ল 'এইটো নুচুবা, এইটো নকৰিবা, বাহী গা ৰে নাখাবা, এইটো বিধূতি, আজি একাদশী নিশিপালন, কালিলৈ আউসীৰ উপবাস' আদি এশ এবুৰি বাধা-নিষেধ। সমসাময়িক ভাৱে সত্ৰৰ চাৰিহাতীৰ ভকত-বৈষ্ণৱ আৰু অন্যান্য শিষ্য-শৰণীয়াৰ পৰা পালে মান-সম্ভ্ৰম, আদৰ, ডেকা সত্ৰাধিকাৰ, ভাৱী সত্ৰাধিকাৰ হিচাপে। জীৱনৰ আদি পুৱাতে আৰম্ভ হ'ল গুৰুৰ মৰ্যাদা, পালকৰ মৰ্যাদা, একপ্ৰকাৰৰ ৰাজকীয় অনুভূতিৰ।
সত্ৰৰ চাৰিবেৰৰ মাজত আৰম্ভ হ'ল সত্ৰীয়া নৃত্য-গীত-বাদ্য, নাম-গুণ, পাঠ-প্ৰসঙ্গৰ শিক্ষা। একেলগে চলিল সংস্কৃত তথা আনুষ্ঠানিক শিক্ষা। এনেদৰেই তেখেতে শাস্ত্ৰী উপাধি লাভ কৰে ১৯৭৯ চনত। তেখেতে সত্ৰৰ ভিতৰতে থাকি শিক্ষা লাভ কৰিবলগা হোৱাৰ কাৰণটো হ'ল তেতিয়াৰ দিনত সত্ৰাধিকাৰ আসন অলংকৃত কৰিবলৈ যোৱা সকলক বাহিৰৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া নহৈছিল, কেৱল নীতি-নিয়ম ভংগ হোৱাৰ আশংকাত। ১৯৫৪ চনৰ মাঘ মাহত উপনয়ন সংস্কাৰ হৈ মাত্র ১২ বছৰ বয়সতে তেখেতে 'ডেকা সত্ৰাধিকাৰ ' নিৰ্মালি গ্ৰহণ কৰে। ১৯৭২ চনৰ পুহ মাহত ৩০ বছৰ বয়সত সত্ৰাধিকাৰ নিৰ্মালি গ্ৰহণ কৰি শ্ৰী শ্ৰী নাৰায়ণ চন্দ্র দেৱগোস্বামী প্ৰভুৱে সাহিত্য-সংস্কৃতি, সত্ৰ-ভকত-বৈষ্ণৱ, জনসাধাৰণৰ সেৱাত ব্ৰতী হয়। ১৯৭৪ চনৰ জানুৱাৰী মাহত কমলাবাৰী সত্ৰৰ সংস্কৃত টোলৰ অধ্যক্ষ ৰূপে কৰ্মত যোগদান কৰি আজি কিছু বছৰৰ আগতে অৱসৰ গ্ৰহণ কৰে।
সাহিত্য কৰ্ম:
শ্রী শ্রী গোস্বামী প্ৰভুৰ নিৰৱছিন্ন সাধনাৰ ফলশ্ৰুতিত অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতলৈ অনবদ্য সুদূৰ প্রসাৰী অৱদান হ'ল,
১। সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা (১২শ পৃষ্ঠা, ১৯৮৪ চন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত)।
২। ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান, ৯৩ চন।
৩। অসমত ভাওনাৰ পৰম্পৰা, ৯১ চন।
৪। গুৰু কোন, ৯৬ চন।
৫। কীৰ্তনঘোষা আৰু নামঘোষা ৰ তত্ত্বাৰ্থ সমীক্ষা, ৯৬ চন।
৬। শংকৰী ধৰ্ম সংস্কৃতিৰ অন্তৰ্জল, ৭৪ চন।
৭। দামোদৰ দেৱৰ গুৰু কোন, ৭৭ চন।
৮। অস্পৃশ্যতা বৰ্জন, ৬৭ চন।
৯। শ্রীমন্ত শংকৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ, দুটা খণ্ড, ২০০৯ আৰু ২০১০ চন।
১০। মহাপুৰুষ শংকৰদেৱ আৰু হৰিদেৱ, ২০০৫ চন।
১১। অসমৰ শ্ৰাদ্ধবিধি বিশ্বাস আৰু বিস্ময়, ২০১৮ চন।
১২। শ্রী নাৰায়ণ চন্দ্র গোস্বামী প্ৰবন্ধাৱলী, চাৰিটা খণ্ড।
১৩। অংকীয়া নাটৰ গদ্যানুবাদ, ২০১০ চন।
১৪। সত্ৰীয়া নৃত্যৰ ব্যাকৰণ।
আদি কুৰিখনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰে।
সম্পাদিত গ্ৰন্থ:
১। কীৰ্তনঘোষা আৰু নামঘোষা (১-ক) প্ৰাচীন লিপিত ১৯৯২ চন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত (১-খ) আধুনিক লিপিত।
২। বৰগীত।
৩। বাৰছোৱা অংকীয়া নাট।
৪। শ্রী মদভাগৱত (পদ্যানুবাদ)।
৫। শংকৰদেৱৰ ৰচনাৱলী।
৬। মাধৱদেৱৰ ৰচনাৱলী।
৭। সচিত্র অংকাৱলী।
৮। ফৌজীয়া নাট।
৯। বাল্মীকি ৰামায়ণৰ পদ্যানুবাদ।
১০। শ্রী মদভাগৱত গীতা।
ইত্যাদি।
নাটক:
১। নৰকাসুৰ বধ।
২। গয়াসুৰৰ হৰি পাদপদ্ম লাভ।
৩। অৱন্তী উদ্ধাৰ।
৪। ৰাসলীলা।
৫। প্ৰহ্লাদৰ বৈকুণ্ঠ অভিযান।
৬। অন্ধকাসুৰ বধ।
৭। দ্বাপৰৰ দৰ্প চূৰ্ণ।
৮। ৰাম-হনুমানৰ যুদ্ধ।
৯। উষা অনিৰুদ্ধ।
কবিতা পুথি:
১। নামঘৰৰ দুৰ্দশা
২। ভকতৰ ভণ্ডামি
জনকল্যাণ মূলক কাম:
(ক) 'শংকৰী কলা-কৃষ্টি বিকাশ সমিতি' নামৰ অনুষ্ঠান গঠন (১৯৭৩)
(খ) যোৰহাট ত চাহ বাগিচা স্থাপন আৰু চাহ বাগিচা কৰ্মীৰ কল্যাণাৰ্থে 'শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্র' গঠন (১৯৭৭)
(গ) মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন (১৯৮১)
(ঘ) শংকৰী নাট্য-নৃত্য কলা মন্দিৰ নামেৰে প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা (১৯৯৩/৯৪)
(ঙ) সত্ৰৰ দুটি দুমহলীয়া অতিথিশালা নিৰ্মাণ
(চ) শংকৰ জ্যোতি পুথিভঁৰাল নিৰ্মাণ (২০০২)
ইত্যাদি বহুতো উন্নয়ন মূলক কামত আত্মনিয়োগ কৰে।
সাংস্কৃতিক কাৰ্য্যক্ৰমণিকা:
অসমৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰদেশ যেনে দিল্লী, উত্তৰ প্ৰদেশ, উৰিষ্যা, তামিলনাড়ু, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাব, মেঘালয় আদিত সংগীত নাটক প্ৰদৰ্শন। গুৱাহাটী, ডিব্ৰুগড়, উৰিষ্যা ৰ আকাশবাণী কেন্দ্ৰত নাটক, নাম-প্ৰসঙ্গ বাণীবদ্ধ কৰণ, ভূতপূর্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ দেৱৰ বাদান্যতাত ইণ্ডোনেছিয়া ৰ জাকাৰ্টাত 'ৰামবিজয়' অংকীয়া ভাওনা প্ৰদৰ্শন, সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০০৯ আৰু ২০১০ ইত্যাদি।
দায়িত্ব/কাৰ্যভাৰ:
মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, শংকৰী কলা কৃষ্টি বিকাশৰ বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্বৰ উপৰিও অসম সংস্কৃত বোৰ্ডৰ সদস্য মনোনীত, অসম সাংস্কৃতিক বিভাগৰ উপদেষ্টা মনোনীত, ১৯৯১-৯৬ চনৰ 'শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ' নিৰ্মাণ সমিতিৰ সদস্য, উত্তৰ পূব ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্র (North East Zone Cultural Center, Dimapur) ৰ দুবছৰীয়া কাৰ্য্যকালৰ বাবে সদস্য মনোনীত, অসম গণনাট্য সংঘৰ উপ সভাপতি, ২০০০-২০০৪ চনৰ বাবে অসম সত্ৰ মহাসভাৰ সভাপতি ৰূপে নিৰ্বাচিত, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ 'শংকৰদেৱ অধ্যয়ন আৰু সত্ৰীয়া সংস্কৃতি প্ৰতিষ্ঠান সমিতি' ৰ সদস্য।
ইয়াৰোপৰি তেখেতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুখ্য পৃষ্ঠপোষক-উপদেষ্টা হিচাপে থাকিব লগীয়া হৈছে।
সন্মান আৰু বঁটা:
এইজনা মহাজ্ঞানী ক্ষণজন্মা পণ্ডিতক আজি প্ৰায় এটা দশকৰ আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় 'ডি লিট' (Doctor of Literature) উপাধি প্ৰদান কৰে। অপৰাজেয় অপ্ৰমাদী সাহিত্যিক জনাক প্ৰদান কৰিছে সন্মানীয় 'শ্রীমন্ত শংকৰদেৱ বঁটা (২০০৪ চন)'। ইয়াৰোপৰি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০০০ চন), চন্দ্রকান্ত হীৰাপ্ৰভা ন্যাস বঁটা (২০০২ চন), মাখন প্ৰসাদ দুৱৰা স্মাৰক বঁটা (২০০৪ চন), সত্ৰ ৰত্ন উপাধি (২০০৫ চন), , শ্রীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা, জীৱনজোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণনন্দ দুৱৰা বঁটা, সাংস্কৃতিক ভূষণ আদি কুৰিৰো অধিক বঁটা প্ৰাপক এইজনা কালজয়ী পণ্ডিত ধৰ্মগুৰুক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও, এই দুয়োখন বিশ্ববিদ্যালয়ে সৰ্বোচ্চ প্ৰৰ্যায়ৰ অতিথি অধ্যাপক হিচাপে গৱেষক পণ্ডিত সত্ৰাধিকাৰ জনাক সন্মানিত কৰি আহিছে।
জুইয়ে পোৰা সোণৰ দৰে, নানান ঘাট-প্ৰতিঘাটৰ মাজতো উজ্জ্বলি উঠা এইজনা 'দৰশিত সুন্দৰ গৌৰ কলেৱৰ' দৰে অদ্বিতীয় 'যাকেৰি নাহিকে উপাম' গৱেষক সত্ৰাধিকাৰে জ্ঞান-বিজ্ঞানৰ সাধনাৰে জীৱন আলোকিত কৰি বৈষ্ণৱ মাৰ্গক শংকৰী সংস্কৃতি, সত্ৰীয়া জীৱনবোধৰ পৰম্পৰাক বিশ্বৰ বুকুত উজ্জ্বলাই তুলিলে। উল্লেখযোগ্য যে এইজনা অপ্ৰমাদী সত্ৰাধিকাৰৰ একমাত্র জেষ্ঠ ভাতৃ নতুন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীও সংগীত নাটক অকাঁডেমী বঁটাৰে সন্মানিত এজন অদ্বিতীয় শিল্পী।
'জ্ঞানবাদ'ত বিশ্বাসী এইজনা বৈষ্ণৱ সাহিত্যৰ 'মুকুট বিহীন সম্ৰাট' জ্ঞানযোগী গৱেষক সত্ৰাধিকাৰ শ্রী শ্রী নাৰায়ণ চন্দ্র দেৱগোস্বামী প্ৰভু বৰ্তমান শয্যাগত। সত্ৰীয়া সংস্কৃতিৰ নিৰৱছিন্ন সাধক, শিল্পী, গৱেষক পণ্ডিত ধৰ্মগুৰুজনাক পৰমেশ্বৰে ৰোগমুক্ত কৰি পৰমায়ু প্ৰদানেৰে বৈষ্ণৱ সাহিত্য-সংস্কৃতিৰ পথাৰ খন আৰু উৰ্বৰ কৰাৰ পথ প্ৰশস্ত কৰক। এয়ে ভকত বৎসল ভগৱন্তৰ চৰণত প্ৰাৰ্থনা।
সহজে কৃপালু গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত বৎসল নাম
ধেনু যেনমতে বৎসক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম।
-নামঘোষা, মাধৱদেৱ।
এইজনা বৰেণ্য গৱেষক পণ্ডিত সত্ৰাধিকাৰৰ ওপৰত 'এখন সত্ৰ এজন ধৰ্মাধিকাৰ' নামৰ ২০০৪ চনৰ ১৮ জুলাইত 'জনসাধাৰণ' কাকতত আমি লিখা তেখেতৰ জীৱনীমূলক প্ৰবন্ধ আৰু পৰবৰ্তী সময়ত সেই কাকততে প্ৰকাশ পোৱা আমি লোৱা দুটি সাক্ষাৎকাৰৰ সংক্ষিপ্ত ৰূপ।
সেৱাৰে,
নাৰায়ণ মহন্ত,
শ্রী শ্রী বিহিমপুৰ সত্ৰ, মাজুলী
9101639835, 9401759146
No comments:
Post a Comment