Thursday, January 21, 2021

Class 8/ Science/ পাঠ-1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

 

তলত দিয়া তালিকাৰপৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু

 খালী ঠাই পূৰ্ণ কৰা

ওপঙিপানীশস্যপোষক দ্ৰব্যচহোৱা

ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ……………………. বুলি কোৱা হয় ।


উত্তৰ:- শস্য ।


(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা …………………… হয় ।


উত্তৰ:- চহোৱা ।


(গ) নষ্ট হোৱা বীজবোৰ পানীত …………………… থাকে ।


উত্তৰ:- ওপঙি ।


(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা …………………….. আৰু ………………….. প্ৰয়োজন হয় ।


উত্তৰ:- পোষক দ্ৰব্য আৰু পানী ।


২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা 

ক ‘ স্তম্ভখ ‘ স্তম্ভ
(ক) খাৰিফ শস্য(ক) ঘেঁহু, বুট, মটৰ মাহ ।
(খ) ৰবি শস্য(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট ।
(গ) ৰাসায়নিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, 
গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।
(ঘ) জৈৱিক সাৰ(ঘ) ধান আৰু যৱ ।

উত্তৰ:-

ক ‘ স্তম্ভখ ‘ স্তম্ভ
(ক) খাৰিফ শস্যধান আৰু যৱ ।
(খ) ৰবি শস্যঘেঁহু, বুট, মটৰ মাহ ।
(গ) ৰাসায়নিক সাৰইউৰিয়া আৰু ছুপাৰ ফছফেট ।
(ঘ) জৈৱিক সাৰপ্ৰাণীৰ বৰ্জিত দ্ৰব্য, 
গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।

৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।


ক) খাৰিফ শস্য ।


উত্তৰ:- মাকৈ আৰু ছয়াবিন ।

খ) ৰবি শস্য ।


উত্তৰ:- সৰিয়হ আৰু তিচি ।

অপতৃন কি ? সিহঁতককেনেকৈ নিয়ন্ত্ৰণ কৰিবপাৰি ?

উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃন বোলে ।

        অপতৃনবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃন নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি । অপতৃননাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।

১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।


ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।


খ) জলসিঞ্চন ।


গ) খেতি চপোৱা ।


ঘ) বীজ সিঁচা/ ৰোৱা ।


ঙ) মাটি চহোৱা ।


চ) পথাৰত হাল বোৱা ।


ছ) সাৰ প্ৰয়োগ ।


উত্তৰ:- ক) পথাৰত হাল বোৱা ।


খ) মাটি চহোৱা ।


গ) বীজ সিঁচা/ ৰোৱা ।


ঘ) সাৰ প্ৰয়োগ ।


ঙ) জলসিঞ্চন ।


চ) খেতি চপোৱা ।


ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।


১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।


ক) গুটি ।


উত্তৰ:- বীজ ।


খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া ।


উত্তৰ:- ৰাইজোবিয়াম ।


গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।


উত্তৰ:- জলসিঞ্চন ।


ঘ) শীত কালত খেতি কৰা শস্য ।


উত্তৰ:- ৰবি শস্য ।


ঙ) এবিধ ৰাসায়নিক সাৰ ।


উত্তৰ:- ইউৰিয়া ।


চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।


উত্তৰ:- মৰণা ।

No comments:

Post a Comment

Class 6 Ganita Prakash Sample Paper

Maximum Marks: 80 Time Allowed : 3 hours General Instructions: All questions are compulsory. The question paper is divided into four section...